ধুবুৰী, 1 আগষ্ট: শুকুৰবাৰে দক্ষিণ শালমাৰাৰ আমছু আৰু ঐক্য সেনা অসমৰ এটা সঁজাতি দলে ফকিৰগঞ্জ অঞ্চলৰ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰিলে । ব্ৰহ্মপুত্ৰৰ পাৰৰ এই বান বিধ্বস্ত অঞ্চলটোতে পাৰকুপাইনৰ পৰিৱৰ্তে বল্ডাৰৰ জৰিয়তে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী তুলি এই দুই সংগঠনৰ সদস্য সকলে কৰিলে প্ৰতিবাদ ।
উল্লেখযোগ্য যে, দক্ষিণ শালমাৰাৰ আমছু আৰু ঐক্য সেনা অসমৰ যৌথ উদ্যোগত যোৱা সঁজাতি দলটোৱে শুকুৰবাৰে দক্ষিণ শালমাৰা সমষ্টিৰ অন্তৰ্গত ফকিৰগঞ্জ,মাটিফাটা, টুমনী, লাওখোৱা, শিমলাক, চতলাৰপাৰ, দক্ষিণ শালমাৰা কলেজ, ৰাজাবুলা ভালূককানদিকে ধৰি বান বিধ্বস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰাৰ লগতে বান ক্ষতিগ্ৰস্ত প্ৰায় তিনি শতাধিক পৰিয়ালক ঈদ উপলক্ষে কম বেছি পৰিমানে সাহায্যও বিতৰণ কৰে ।
এই সঁজাতি দলটোৱে ফকিৰগঞ্জত গৰাখহনীয়াৰ প্ৰতিৰোধৰ বাবে নিৰ্মাণ কৰি থকা তিনিকোটি টকাৰ পাৰকুপাইনৰ বান্ধটোও পৰিদৰ্শন কৰে । এই বান্ধটো বল্ডাৰৰ জৰিয়তে স্থায়ীভাৱে নিৰ্মাণ নকৰিলে বান বিধ্বস্ত অঞ্চল সমূহক কোনো কালে গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰিব বুলি কলে দলটোৱে । সেয়েহে এই বান্ধটো বল্ডাৰেৰে নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনায় ।