ধুবুৰী, ৩ মাৰ্চ : ধুবুৰীৰ বিলাসীপাৰা-হাকামা সংযোগী 31 নং ৰাষ্ট্ৰীয় ঘাইপথত মৰাপাট ভৰ্তি ট্ৰাকত জুই । জুইত জাহ যায় পাঁচ লক্ষাধিক টকাৰ মৰাপাট । দেওবাৰে বিলাসীপাৰাৰ হাকামা ভাৰতীয় মৰাপাট নিগম লিমিটেডৰ গুদামৰ পৰা মৰাপাট কঢ়িয়াই লৈ যোৱাৰ পথতে বিদ্যুৎপৰিবাহী তাঁৰত লাগি অগ্নি সংযোগ হোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো । ইপিনে গুদামটোৰ ওচৰতে থকা গাঁৱৰ ৰাইজৰ জীৱন ৰক্ষাৰ বাবে জুই লগা ট্ৰাকখন ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ এটা খালত পেলাই দিয়ে । যাৰ ফলত দুৰ্ঘটনাটোত কথমপি জীৱন ৰক্ষা কৰে চালকৰ লগতে আন্দুৰঝাৰ গাঁৱৰ ৰাইজৰ ।
ধুবুৰীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত জ্বলন্ত ট্ৰাক - ট্ৰাক
জুইত জাহ গ'ল পাঁচ লক্ষাধিক টকাৰ মৰাপাট