ETV Bharat / state

কোৱাৰেণ্টাইন চেণ্টাৰত অৱসৰ গ্ৰহণ এজন হাবিলদাৰৰ - হাবিলদাৰ বেল্লাল হুছেইন

সুদীৰ্ঘ ৩৬ টা বছৰ আৰক্ষীত নিয়োজিত হৈ থকা ধুবুৰীৰ এজন আৰক্ষী হাবিলদাৰে অৱসৰ গ্ৰহণ কৰিলে কোৱাৰেণ্টাইনত। কোৱাৰেণ্টাইনত বন্দী হৈ থাকি কৰ্ম জীৱনৰ শেষৰ ক্ষণ কেইটা পাৰ কৰিবলগীয়া হৈছে হাবিলদাৰ বেল্লাল হুছেইনে । কেতিয়াও কল্পনা কৰিব নোৱাৰা এক সময়ৰ মুখামুখি হ’বলগীয়া হৈছে আৰক্ষী হাবিলদাৰগৰাকীয়ে।

কোৱাৰেণ্টাইন চেণ্টাৰত অৱসৰ গ্ৰহণ এজন হাবিলদাৰৰ

author img

By

Published : May 16, 2020, 5:17 PM IST

ধুবুৰী, 16 মে’ : শেহতীয়া কোভিড-19ৰ আতংকৰ বাবে ৰাজ্যৰ কোৱাৰেণ্টাইনত বন্দীত্ব জীৱন কটাইছে হেজাৰ হেজাৰ লোক। কিন্তু ধুবুৰীৰ তেনে এখন বিশেষ কোৱাৰেণ্টাইন চেণ্টাৰ আৰু এজন আৰক্ষী হাবিলদাৰৰ এক কাহিনী বৰ্তমান চৰ্চালৈ অহা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে, ধুবুৰীৰ 1 নং ৱাৰ্ডত অৱস্থিত কোৱাৰেণ্টাইন চেণ্টাৰত আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ মুঠ ৩৯ জনকৈ লোক। এই সকলৰ লগতে বন্দীত্বৰ জীৱন কটাইছে ধুবুৰীৰ তিনিজনকৈ আৰক্ষীৰ লোক। ধুবুৰীত পূৰ্বে কোভিড-১৯ ত আক্ৰান্ত হোৱা লোকৰ সংস্পৰ্শলৈ অহাৰ বাবে ১৩ এপ্ৰিলত ধুবুৰী আৱৰ্ত ভৱনত কৰ্মৰত তিনি আৰক্ষীক কোৱাৰেণ্টাইন কৰা হৈছিল এইখন কোৱাৰেণ্টাইন চেণ্টাৰত।

কোৱাৰেণ্টাইন চেণ্টাৰত অৱসৰ গ্ৰহণ এজন হাবিলদাৰৰ

তিনিজন আৰক্ষীৰ ভিতৰত বেল্লাল হুছেইন নামৰ আৰক্ষী হাবিলদাৰজনে কোৱাৰেণ্টাইনত ১৭ টা দিন পাৰ কৰাৰ পিছতেই ৩০ এপ্ৰিলত অৱসৰ গ্ৰহণ কৰে। ধুবুৰী জিলাৰ গৌৰীপুৰৰ বলদমাৰা গাঁওৰ নিবাসী বেল্লাল হুছেইনে ১৯৮৪ চনত ৯ বেটেলিয়নত যোগদান কৰাৰ পিছত পৰৱৰ্তী সময়ত ৮ এপিবিএনৰ লেছ নায়কলৈ পদোন্নতি হৈছিল। তাৰ পিছত পৰৱৰ্তী সময়ত হাবিলদাৰলৈ পদোন্নতি হৈ ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ৰ সন্মুখত অৱস্থিত আৱৰ্ত ভৱনত কৰ্মৰত বেল্লাল হুছেইন।

লগতে পঢ়ক : মঙলদৈ তৰণি সংঘৰ অচলাৱস্থা, সাহাৰ্যৰ বাবে অনুৰোধ চৰকাৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.