ETV Bharat / state

দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাইছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈয়ে - bad circumstance

ধুবুৰীৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ । ধুবুৰীৰ গৌৰীপুৰৰ প্ৰাক্তন ফুটবল তাৰকা খেলুৱৈ গৰাকীয়ে আজি কটাইছে দুৰ্বিসহ জীৱন । খবৰ ল’বলৈ আহৰি নাই চৰকাৰ প্ৰশাসন নাই জিলা ক্ৰীড়া সন্থাৰ । এতিয়া মাছ ধৰি, দিন হাজিৰা কৰি পোহপাল দিছে পৰিয়াল ।

a-national-level-footballer-has-spent-his-days-with-very-bad-circumstance
দিন হাজিৰা কৰি দিন কটাইছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈয়ে
author img

By

Published : Aug 6, 2021, 9:43 PM IST

ধুবুৰী, 6 আগষ্ট : দেশ তথা ৰাজ্যত এতিয়া টকিঅ’ অলিম্পিকৰ জোৱাৰ উঠিছে ৷ ইয়াৰ সমান্তৰালকৈ এতিয়া ৰাজ্যত অৱহেলিত বহু খেলুৱৈ পোহৰলৈ আহিছে ৷ চৰকাৰৰ সুবিধাৰ অভাৱত কোনো মতে, জীয়াই থকাৰ এটা পথ বাচি লৈছে খেলুৱৈ সকলে ৷

ধুবুৰীৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ । এতিয়া মাছ ধৰি, দিন হাজিৰা কৰি পোহপাল দিছে পৰিয়াল । এইজন এজন ৰাষ্ট্ৰীয় ফুটবল তাৰকা খেলুৱৈ । নাম আফছাৰ আলী । জহি খহি যোৱা এখন ঘৰত পৰিয়াল লৈ কোনোমতে জীৱন নিৰ্বাহ কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আফছাৰ আলীয়ে ।

ধুবুৰীৰ গৌৰীপুৰৰ ফুলকুমাৰী গাঁৱৰ প্ৰয়াত বাসিন্দা সোনাউদ্দিন শেখৰ পুত্ৰ এইজন আফছাৰ আলী । ছাত্ৰ অৱস্থাৰ পৰাই আফছাৰ আলীয়ে পঢ়া-শুনাৰ উপৰিও খেলত মনোযোগ দিছিল । সেইবাবে এটা সময়ত এইটো ভগা জুপুৰীৰ পৰাই এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হোৱাৰ সপোন দেখিছিল তেওঁ ।

দিন হাজিৰা কৰি দিন কটাইছে এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈয়ে

স্কুল টুৰ্ণামেণ্ট খেলৰ পিছত ৰাজ্যিক পৰ্যায়ত খেলিবলৈ আৰম্ভ কৰিছিল আফছাৰ আলীয়ে । গুৱাহাটীৰ টাউন ক্লাৱকে ধৰি কেইবাটাও ক্লাৱৰ হৈ বহিঃৰাজ্যৰ বিভিন্ন স্থানত খেলিছে তেওঁ । তাৰ পিছত 1992 চনত উনৈশ অনুৰ্ধৰ ৰাষ্ট্ৰীয় ফুটবল দলত অসমৰ আন 6 জনৰ সৈতে নিজেও স্থান লাভ কৰিবলৈ সক্ষম হৈছিল আফছাৰ আলী । কিন্তু হঠাৎ খেলি থাকোঁতেই তেওঁৰ ভৰিত বেয়াকৈ আঘাত পোৱাত আফছাৰৰ সেই সপোন আধৰুৱা হৈ ৰ’ল ।

প্ৰাক্তন ফুটবল খেলুৱৈ আফছাৰ আলীয়ে 1992 ত School games federation of India team ত অংশ গ্ৰহণ কৰিছিল । 1998 চনত অসম ফুটবল এচ’ছিয়েচনৰ অলিম্পিক বাছনি ফুটবল খেলত অংশ গ্ৰহণ কৰিছিল । তেনেদৰে 1993 চনত জুনিয়ৰ আন্তঃজিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৰাজ্য খনৰ ভিতৰত চেম্পিয়ন হৈ গৌৰীপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছিল ।

ফুটবল খেলত ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰি সুনাম কঢ়িওৱা আফছাৰ আলীয়ে আজিৰ দিনলৈকে পোৱা নাই চৰকাৰী পেঞ্চন। কিন্তু ৰাষ্ট্ৰীয় ফুটবল তাৰকা খেলুৱৈ গৰাকীৰ পৰিচয় আজি এজন সাধাৰণ মাছ মৰীয়া । নব্বৈৰ দশকত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে নামনি অসমৰ ধুবুৰী জিলাৰ বাবে গৌৰৱ কঢ়িয়াই অনা প্ৰতিভাৱান ফুটবল খেলুৱৈ গৰাকীৰ জীৱনলৈ নামি আহিছে ঘোৰ অমানিশা ।

গুৱাহাটীত দিন হাজিৰা কৰিব গ’লেও এজন চিনাকি ফুটবল খেলুৱৈ হিচাপে লজ্জাবোধ কৰিছিল আফছাৰ আলীয়ে । ফলত দিন হাজিৰা কাম এৰি এতিয়া খাল বিল নৈ আদিত মাছ ধৰি বিক্ৰী কৰিয়েই পৰিয়াল পোহপাল দিব লগীয়া হৈছে । ইপিনে স্বামীক সহায় কৰিবলৈ পত্নীয়ে বিড়ি বন্ধা কামো কৰিবলগীয়া হৈছে ।

কিন্তু দুখৰ বিষয় যে, এইগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ গৰাকী আজিলৈকে পোৱা নাই কোনো চৰকাৰী সাহায্য । বহু কষ্টৰ মাজেৰে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱা আফছাৰ আলীৰ বাবে চৰকাৰে নিদিলে কোনো চাকৰি । আফছাৰে আজিলৈ পোৱা নাই কোনো ক্ৰীড়া পেঞ্চন ।

ইপিনে দুবছৰমান গৌৰীপুৰত আফছাৰ আলীয়ে খুলিছিল ফুটবল কোচিং চেন্টাৰ । কিন্তু সেয়াও অৰ্থৰ অভাৱত বন্ধ কৰি থ’ব লগীয়া হ’ল । কোনো এজন জনপ্ৰতিনিধি, জিলা প্ৰশাসন বা জিলা ক্ৰীড়া সন্থাই আজিলৈকে এবাৰ খবৰ ল’বলৈও আহৰি নাপালে ৰাষ্ট্ৰীয় ক্ৰীড়াবিধ আফছাৰ আলীৰ । অৱশ্যে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ ওপৰত আশা প্ৰকাশ কৰিছে আফছাৰ আলীয়ে ।

লগতে পঢ়ক:ৰাজীৱ গান্ধী খেল ৰত্ন বঁটাক মেজৰ ধ্যান চান্দ খেল ৰত্ন বঁটা হিচাপে নামাকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.