ETV Bharat / state

বিলাসীপাৰাত হিন্দু মহিলাক সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী ৰাইজে - বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পানবাৰী অঞ্চল

বিলাসীপাৰাৰ পানবাৰী অঞ্চলত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন ৷ এগৰাকী হিন্দু মহিলাক সৎকাৰ কৰিলে মুছলমান ৰাইজে ৷

A hindu women Cremation by Muslim at Bilashipara
বিলাসীপাৰাত হিন্দু মহিলাক সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী ৰাইজে
author img

By

Published : Apr 2, 2020, 2:04 PM IST

পশ্চিম বিলাসীপাৰা,2 এপ্ৰিল: সমগ্ৰ বিশ্বৰ লগতে দেশজুৰি ক'ৰণা ভাইৰাছৰ সন্ত্ৰাস আৰু ইয়াকে লৈ চছিয়েল মিডিয়াত হিন্দু-মুছলমান কেন্দ্ৰীক এক শীতল সংঘাত অব্যাহত থকাৰ সময়তে বিলাসীপাৰাত একাংশ মুছলমান ধৰ্মাৱলম্বী লোকে দেখুৱালে মানৱতাৰ নিদৰ্শন ৷ যিয়ে পুনৰবাৰ প্ৰমাণ কৰিলে হিন্দু মুছলমানৰ একতা ৷

বিলাসীপাৰাত হিন্দু মহিলাক সৎকাৰ কৰিলে ইছলাম ধৰ্মাৱলম্বী ৰাইজে

ঘটনা অনুসৰি বুধবাৰে বিয়লি পৰলোকগামী হয় বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত পানবাৰী অঞ্চলৰ শান্তি দেৱী নামৰ এগৰাকী হিন্দু ধৰ্মাৱলম্বীৰ বৃদ্ধ মহিলা ৷ উক্ত অঞ্চলটোত মাত্ৰ তিনিঘৰ মানহে হিন্দু লোক থকাৰ বাবে মহিলা গৰাকীৰ সৎকাৰৰ বাবে অভাৱ হয় পৰ্যাপ্ত লোকৰ ৷ অৱশেষত পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহে আমছুৰ আলমগঞ্জ ৰাঙামাটি আঞ্চলিক সমিতিৰ কৰ্মকৰ্তা আৰু স্থানীয় বহু কেইজন ইছলাম ধৰ্মাৱলম্বীৰ লোক ৷ সম্পূৰ্ণ হিন্দু নীতি-নিয়মৰ মাজেৰেই মহিলা গৰাকীক সৎকাৰ কৰে উক্ত মুছলমান ব্যক্তি সকলে ৷ এই কথাই যেন পুনৰ বাৰ প্ৰমান কৰিলে শংকৰ আজানৰ দেশত সদায় বৰ্তি থকা হিন্দু মুছলমানৰ মাজত থকা একতাৰ কথা ৷

লগতে পঢ়কঃ গোৱালাপাৰা কৰ'ণা হাস্পতালত নাই চেনিটাইজাৰ,মাস্ক,গ্ল'ভছ..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.