ETV Bharat / state

দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ বিলাসীপাৰাৰ এটি পৰিয়ালৰ - বিলাসীপাৰা

এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে বিলাসীপাৰাৰ এটি পৰিয়ালে ৷ ঘৰৰ মুৰব্বী গৰাকী শয্যাগত হৈ পৰাৰ পাছতে দিকবিদিক হেৰুৱাই পেলাইছে বিলাসীপাৰাৰ শিঙিমাৰী গাঁৱৰ এগৰাকী দৰিদ্ৰ লোকৰ পৰিয়ালে ৷ সতীশ চন্দ্ৰ নাথ ঘৰৰ মুৰব্বী গৰাকী দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰাৰ পাছতে পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা ৷ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী আৰু স্থানীয় বিধায়কৰ লগতে সদাশয় লোকৰ পৰা সহায় ভিক্ষা মাগিছে পৰিয়ালটোৰ লোকে ৷

দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ বিলাসীপাৰাৰ এটি পৰিয়ালৰ

author img

By

Published : Feb 10, 2021, 5:49 PM IST

পশ্চিম বিলাসীপাৰা, 10 ফেব্ৰুৱাৰী: ঘৰৰ মুৰব্বী গৰাকী শৰ্যাগত হৈ পৰাত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে বিলাসীপাৰাৰ শিঙিমাৰী গাঁৱৰ এগৰাকী দৰিদ্ৰ লোকৰ পৰিয়ালে ৷ পেচাত এগৰাকী মিস্ত্ৰি সতীশ চন্দ্ৰ নাথ বিগত কেইবামাহো ধৰি কোনো দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ পৰাৰ পাছতে দিকবিদিক হেৰুৱাই পেলাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে ৷ উল্লেখ্য যে বৃদ্ধা মাতৃ, পত্নী আৰু এগৰাকী জীয়েকৰ সৈতে থকা লোক জনৰ পৰিয়ালটিলৈ সম্প্ৰতি নামি আহিছে ঘোৰ অমানিশা ৷ লোকজনৰ চিকিৎসাত বহু লাখ টকা খৰচৰ পাছতো বেমাৰ ভাল নোহোৱাত এতিয়া দুবেলা দুমুঠি অন্নৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালটোৱে ৷

ঘৰৰ মুৰব্বী গৰাকী শৰ্যাগত হৈ পৰাৰ পাছতে দিকবিদিক হেৰুৱাই পেলাইছে পৰিয়ালটোৱে

নাথৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বিভিন্ন ঠাইত কাঠ মিস্ত্ৰিৰ কাম কৰি সতীশ চন্দ্ৰ নাথে পৰিয়ালটোক পোহপাল দি আহিছিল ৷ কিন্তু বিগত কেইবামাহৰ পৰা নাথ কোনো দুৰাৰোগ্য আক্ৰান্ত হৈ পৰাৰ পাছতে ঘৰৰ মুৰব্বী গৰাকীক সুস্থ কৰি তোলাৰ খাতিৰত পৰিয়ালটো প্ৰায় সৰ্বস্বান্ত হৈ পৰিছে ৷ নাথৰ চিকিৎসাৰ বাবে বৰ্তমান পৰিয়ালটোৰ হাতত একোৱেই বাকী নথকাৰ লগতে এমুঠি অন্নৰ যোগান কৰাৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হোৱা পৰিয়ালটোৱে এতিয়া আৰ্থিক সহায়ৰ বাবে ৰাইজক কাতৰ আহ্বান জনাইছে ৷ বিচনাতেই পৰি ৰোৱা নাথৰ পত্নীয়ে চকুত চকুলো লৈ অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী আৰু স্থানীয় বিধায়কৰ লগতে সদাশয় লোকৰ পৰা সহায় ভিক্ষা মাগিছে ৷

কোনো লোকে এই দৰিদ্ৰ পৰিয়াল টোক সহায় কৰিব বিচাৰিলে অসম গ্ৰামীন বিকাশ বেংকৰ লক্ষীগঞ্জ শাখাৰ বেংক একাউন্ট নম্বৰ 7150026012925 IFSC - UTBIORRBAGB অথবা 7896649002 মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালটোৱে কাতৰ অনুৰোধ জনাইছে ৷

লগতে পঢ়ক: বিলাসীপাৰাৰ পশ্চিম শালকোচাত প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.