ETV Bharat / state

কৃষি কৰ্মৰে স্বাৱলম্বী ধুবুৰীৰ ১০৮ সেৱাৰ এম্বুলেন্স চালক

author img

By

Published : Feb 12, 2021, 11:21 AM IST

বাবৰ আলী পেছাত এজন ১০৮ এম্বুলেন্সৰ চালক । এজন এম্বুলেন্সৰ চালক হিচাপে নিজৰ দায়িত্ব পালনৰ উপৰিও নিজৰ মাটিত শাক পাচলিৰ খেতি কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে বাবৰ আলীয়ে ।

কৃষি কৰ্মৰে স্বাৱলম্বী ধুবুৰীৰ এজন ১০৮ সেৱাৰ এম্বুলেন্সৰ চালক

ধুবুৰী,12ফেব্ৰুৱাৰীঃ চৰকাৰী কৰ্তব্য পালন কৰাৰ সমান্তৰাল কৈ কৃষি কৰ্মৰে স্বাৱলম্বী এজন ১০৮ এম্বুলেন্সৰ চালক । বেঙেনা, বিলাহী, বন্ধাকবি আৰু আলুৰ খেতি কৰি স্বাৱলম্বী ধুবুৰীৰ এগৰাকী যুৱক । ধুবুৰীৰ ফকিৰগঞ্জ অঞ্চলৰ বাউসকাটা চতুৰ্থ খণ্ডত ঘৰ বাবৰ আলীৰ ।

বাবৰ আলী পেছাত এজন ১০৮ এম্বুলেন্সৰ চালক । এজন এম্বুলেন্সৰ চালক হিচাপে নিজৰ দায়িত্ব পালনৰ উপৰিও নিজৰ মাটিত শাক-পাচলিৰ খেতি কৰি আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে বাবৰ আলীয়ে । বেঙেনা খেতি, আলু খেতি, বিলাহী খেতি, বন্ধাকবি খেতিৰ উপৰি আন বিভিন্ন শাক পাঁচলিৰ খেতি কৰি পৰিয়ালটো পোহপাল দিয়াৰ প্ৰয়াস কৰিছে বাবৰ আলীয়ে ।

ইপিনে বিভিন্ন ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰি বাবৰ আলীয়ে কৰি গৈছে বিভিন্ন খেতি। নিজৰ প্ৰয়োজনীয় খিনিৰ বাহিৰে বজাৰত বিক্ৰী কৰি প্ৰতিবছৰে ৫০ ৰ পৰা ৭৫ হাজাৰ টকালৈ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে বাবৰ আলীয়ে । যদিওঁ এচাম মধ্যভোগীৰ বাবে তেওঁ উৎপাদিত সামগ্ৰীৰ উচিত মূল্য পোৱা নাই ।

উল্লেখ্য যে, প্ৰায় পোন্ধৰ বছৰ মান পূৰ্বে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত লুইতৰ বুকুত বিলীন হৈছিল গাঁওখন । যদিওঁ দহ বছৰমান পূৰ্বে গাঁওখন পুনৰ উটি আহে চৰ হিচাপে । যিখন গাঁৱত পুনৰ বসতি স্থাপন কৰি খেতি বাতি কৰি এক সুখৰ জীৱন যাপন কৰাৰ সপোন ৰচিছে বাবৰ আলীকে ধৰি আন বহুতে ।

লগতে পঢ়কঃ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক আদৰণি জনালে প্ৰমোদ বড়োই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.