ETV Bharat / state

লক্ ডাউনত কৰ্মহীন লৈ আত্মহত্যাৰ পথ বাছি ল'লে পতি-পত্নীয়ে

author img

By

Published : Aug 22, 2020, 8:23 PM IST

শনিবাৰে বিলাসীপাৰাৰ ফুটকিবাৰীৰ বাসিন্দা বিষ্ণু নাথ ওৰফে কনক নামৰ এগৰাকী লোকে তেওঁৰ পত্নীসহ গাত কেৰাচিন ঢালি আত্মহত্যা কৰে ৷ লক ডাউনত তেওঁলোকে সন্মুখীন হোৱা আৰ্থিক দীনতাৰ বাবে এনে পথ বাছি লয় বুলি জানিবলৈ দিয়ে আত্মীয়ই ৷

বিলাসীপাৰাত আত্মহত্যা দম্পতীৰ
বিলাসীপাৰাত আত্মহত্যা দম্পতীৰ

বিলাসীপাৰা, 22 আগষ্ট: বিলাসীপাৰাৰ ফুটকিবাৰীত শনিবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ আৰ্থিকভাৱে জুৰুলা হৈ পৰা এহাল দম্পতীয়ে বাছি লয় আত্মহত্যাৰ পথ ৷ পেছাত এগৰাকী টেম্পো চালক আছিল বিষ্ণু নাথ ওৰফে কনক নামৰ লোকগৰাকী ৷ কিন্তু লক ডাউনৰ বাবে নিয়মিতভাৱে তেওঁ টেম্পো চলাব নোৱাৰাৰ ফলত সন্মুখীন হৈছিল আৰ্থিক অনাটনৰ ৷

আৰ্থিক দীনতাৰ বাবে বিলাসীপাৰাত আত্মহত্যা দম্পতীৰ

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, লোকগৰাকীয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল টেম্পোখন ৷ কিন্তু লক ডাউনৰ বাবে তেওঁ টেম্পোখন চলাব পৰা নাছিল ৷ যাৰ বাবে তেওঁ পৰিশোধ কৰিব পৰা নাছিল টেম্পোখনৰ ঋণ ৷ সেয়েহে আৰ্থিক দীনতাৰ বাবে লোকগৰাকীয়ে নিজৰ পত্নীসহ গাত কেৰাচিন ঢালি অগ্নি সংযোগ কৰি আত্মহত্যা কৰে ৷ শৰীৰৰ অধিকাংশই অগ্নিদগ্ধ হোৱা দম্পতীহালক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত লৈ যায় যদিও, চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয় দম্পতীহালে ৷ দম্পতীহালে এটি তিনি বছৰীয়া পুত্ৰ সন্তানক এৰি থৈ যায় বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: কাৰ ভুলৰ বাবে পানী যোগান ব্যহত হৈ পৰিছে মালিগাঁৱত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.