ETV Bharat / state

প্ৰয়াত পিতৃ-মাতৃৰ স্মৃতিত 5 পুত্ৰই আগবঢ়ালে এম্বুলেঞ্চ - শালকোচা

পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচাৰ এটা পৰিয়ালে প্ৰয়াত পিতৃ-মাতৃৰ স্মৃতিত ৰাইজৰ সেৱাৰ বাবে এখন এম্বুলেঞ্চ আগবঢ়ায় ৷

এম্বুলেঞ্চ
এম্বুলেঞ্চ
author img

By

Published : Dec 15, 2020, 1:29 PM IST

পূৱ বিলাসীপাৰা, 15 ডিচেম্বৰ: প্ৰয়াত পিতৃ-মাতৃৰ স্মৃতিত বৃহত্তৰ শালকোচা অঞ্চলৰ ৰাইজৰ সেৱাৰ বাবে এখন এম্বুলেঞ্চ আগবঢ়ালে 5 গৰাকীকৈ ভাতৃয়ে ৷ এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে পূৱ বিলাসীপাৰাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শালকোচাৰ এটা পৰিয়ালে ৷ অঞ্চলটোৰ নিৱাসী স্বৰ্গীয় সুশীল মাধৱ বৰুৱা আৰু স্বৰ্গীয় দেৱলা বৰুৱাৰ পুত্ৰ সুজিত বৰুৱা, শংকৰ বৰুৱা, শ্যামল বৰুৱা, ৰুদ্ৰ বৰুৱা আৰু সৌম্য কুমাৰ বৰুৱাই প্ৰয়াত দম্পতীৰ স্মৃতিত ৰাইজক উচৰ্গা কৰিলে এম্বুলেঞ্চখন ৷

প্ৰয়াত পিতৃ-মাতৃৰ স্মৃতিত 5 পুত্ৰই আগবঢ়ালে এম্বুলেঞ্চ

উল্লেখ্য যে, আটাইকেইগৰাকী ভাতৃ সুশিক্ষিত হোৱাৰ লগতে তেওঁলোক অধিস্থিত হৈ আছে অসম চৰকাৰৰ বিভিন্ন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ পদত ৷ অঞ্চলটোৰ প্ৰায় ৫৯ খন ৰাজহ গাঁৱৰ ৰাইজৰ সেৱাৰ নামত তেওঁলোকে এম্বুলেঞ্চখন উচৰ্গা কৰি দাঙি ধৰিলে মানৱীয়তাৰ নিদৰ্শন ৷ শালকোচা সমবায় সমিতি লিমিটেডৰ হাতত তেওঁলোকে অৰ্পন কৰিলে এম্বুলেঞ্চখন ৷ তেওঁলোকৰ এনে অৱদানৰ বাৰুকৈয়ে শলাগ লৈছে সমগ্ৰ অঞ্চলবাসীয়ে ৷

লগতে পঢ়ক: গুৱাহাটীত উপস্থিত আৰ.এছ.এছৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক ইন্দেশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.