ধুবুৰী, 23 ডিচেম্বৰ: পুনৰ চৰ্চাত ভাৰত-বাংলা সীমান্ত ৷ পশ্চিম বংগৰ ভাৰত-বাংলা সীমান্তত চোৰাং গৰু ব্যৱসায়ীলৈ লক্ষ্য কৰি বি এছ এফ জোৱানৰ গুলীবৰ্ষণ ৷ দুদিনত সীমান্তৰক্ষীৰ গুলীত নিহত হৈছে পাঁচটাকৈ গৰু ব্যৱসায়ী ৷ ঘটনাৰ স্থান ধুবুৰী জিলাৰ গাতে লাগি থকা পশ্চিম বংগৰ কৃষ্ণপুৰ আৰু বালাভূত ৷ সীমান্তৰে চলি থকা অবৈধ গৰু সৰবৰাহত যেন অতিষ্ঠ হৈ পৰিছে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনী ৷
যোৱা শনিবাৰ আৰু দেওবাৰে নিশা সীমান্ত এলেকাৰ নদীপথ উদং হৈ থকাৰ সুবিধা গ্ৰহণ কৰি গৰু সৰবৰাহৰ চেষ্টা চলাইছিল চোৰাং ব্যৱসায়ীয়ে ৷ তেনে সময়তে বি এছ এফৰ জোৱানে গুলী চলোৱাত নিহত হয় পাঁচ গৰু ব্যৱসায়ী ৰাজ্জাক আলী, সাজিদ আলী, আজিজুল হক, নুৰ মহম্মদ ৷ ইয়াৰে এজনক এতিয়াও চিনাক্ত কৰিব পৰা হোৱা নাই ৷ নিহত চাৰিজনৰ ঘৰ পশ্চিম বংগৰ কৃষ্ণপুৰ আৰু বালাভূতত ৷ এই ঘটনাত আহত হৈছে ধুবুৰীৰ সাহাজাহান শ্বেখ নামৰ এজন যুৱক ৷
আনহাতে, দেওবাৰে নিশা গোলকগঞ্জৰ সোণাহাটত ভাৰত-বাংলা সীমান্ততো সংঘটিত হয় গুলী চালনাৰ ঘটনা ৷ একাংশ দুৰ্বৃত্তই সীমান্তৰ কাঁটা তাঁৰ কাটিবলৈ অহা সময়তে প্ৰত্যক্ষ কৰি গুলী চলাই বি এছ এফৰ জোৱানে ৷ অৱশ্যে এন্ধাৰৰ সুযোগ লৈ পলাই সাৰে আটাইকেইজন দুৰ্বৃত্ত ৷
অসমকে ধৰি বাংলাদেশৰ সীমান্তত অৱস্থিত ভাৰতৰ ৰাজ্যকেইখনৰ বাবে এতিয়া এক গভীৰ সমস্যাত পৰিণত হৈছে সীমান্তৰে অবাধে চলি থকা গৰু ব্যৱসায় ৷