ধুবুৰী, 29 মাৰ্চঃ ৰাজ্যত 2 টাকৈ মৃতদেহ উদ্ধাৰ আৰু এটা আত্মহত্যাৰ ঘটনাই সম্প্ৰতি চাঞ্চল্যৰ সৃষ্টি কৰিছে সচেতন মহলত ৷ ঘটনাৰ প্ৰথম স্থান গোলাঘাটৰ তেতেলীতল ৷ তেতেলীতল ৰেল লাইন সমীপৰ পৰা শুকুৰবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে বেঙেনাখোৱাৰ ভাইটি গগৈ নামৰ যুৱকজনৰ মৃতদেহ ৷ মৃতদেহ কাষৰ পৰা উদ্ধাৰ কৰে বেজীৰ চিৰিঞ্জ আৰু ডেনদ্ৰাইট ৷
আনহাতে, দ্বিতীয়টো ঘটনাৰ স্থান হৈছে বিশ্বনাথ চাৰিআলি । সাঁকোমঠা আৰু মাজুলীগড় সংযোগী পথৰ দলঙৰ তলত উদ্ধাৰ হৈছে এটা মুণ্ডহীন উলংগ মৃতদেহ । মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাচতে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অচিনাক্ত মৃতদেহ সন্দৰ্ভত আৰম্ভ কৰে তদন্ত ৷
ধুবুৰীৰ বিলাসীপাৰাত ডিঙিত চিপ লোৱা অৱস্থাত উদ্ধাৰ হোৱা এগৰাকী মহিলাৰ মৃতদেহও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিলাসীপাৰা অঞ্চলত ৷ পাৰিবাৰিক কন্দলৰ বাবেই 4 বছৰ পূৰ্বে বিবাহ পাশত আবদ্ধ হোৱা নুৰেজা বেগম খাতুন নামৰ মহিলা গৰাকীয়ে আত্মহত্যাৰ পথ বাছি লয় শুকুৰবাৰে ৷ আত্মহত্যা সন্দৰ্ভত মৃত নুৰেজা পৰিয়ালৰ অভিযোগ, স্বামী জাকিৰুল হক আৰু পৰিয়ালে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিব বিচাৰিছে সমগ্ৰ ঘটনা ৷ মহিলা গৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিতে চাপৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি স্বামী-জাকিৰুল হক আৰু ভাতৃ- জয়নাল হকক আটক কৰে । দুই সন্তানৰ মাতৃ নুৰেজাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰেআৰক্ষীয়ে ।