ETV Bharat / state

COVID19 আক্ৰান্ত ব্যক্তিক লৈ চাপৰত আতংক ! - বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়

চাপৰত COVID19 আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ পাচতে আতংকিত হৈছে জনতা ৷ COVID19 আক্ৰান্ত হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰি উলিয়াইছে প্ৰশাসনে ৷ বুধবাৰে জামালুদ্দিনৰ পুত্ৰ কন্যা সহ ২১ জন লোকক লৈ অনা হয় বিলাসীপাৰা চৰকাৰী চিকিৎসালয়লৈ ৷

24 numbers of people quarantined by health department in sapor

author img

By

Published : Apr 8, 2020, 9:11 PM IST

পশ্চিম বিলাসীপাৰা, 8 এপ্ৰিল : ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ চাপৰত এজন লোকৰ শৰীৰত চিনাক্ত হ'ল COVID19 ৷ এই ঘটনাৰ পাচত সমগ্ৰ জিলা খনতে এক আতংকময় পৰিস্থিতিৰ উদ্ভৱ হয় ৷ ইতিমধ্যে অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে প্ৰশাসন আৰু স্বাস্থ্য বিভাগ ৷ COVID19 আক্ৰান্ত হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা লোকসকলক চিনাক্ত কৰি উলিয়াইছে প্ৰশাসনে ৷ বুধবাৰে জামালুদ্দিনৰ পুত্ৰ কন্যা সহ ২১ জন লোকক লৈ অনা হয় বিলাসীপাৰা চৰকাৰী চিকিৎসালয়লৈ ৷ তাৰ পিচতে লোকসকলক প্ৰেৰণ কৰা হয় ধুবুৰী অসামৰিক চিকিৎসালয়লৈ ৷

COVID19 আক্ৰান্ত ব্যক্তিক লৈ চাপৰত আতংক

চিকিৎসালয়ত লোকসকলৰ swab ৰ নমুনা সংগ্ৰহ কৰি বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় | বৰ্তমান লোক সকলক ধুবুৰীত আইচ'লেট কৰাৰ ব্যৱস্থা গ্ৰহণ কা হৈছে | ইফালে হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ অহা ২০ জন লোকক মঙলবাৰে বিলাসীপাৰা মহকুমাৰ বিভিন্ন প্ৰান্তৰ পৰা আনি ধুবুৰী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাই বিলাসীপাৰাৰ বৰকান্দা উঃমাঃ বিদ্যালয়ত কোৱাৰেন্টাই কৰি ৰখা হৈছে | আনহাতে, যোৱা ১ এপ্ৰিলত দিল্লীৰ নিজামুদ্দিনত অনুষ্ঠিত তবলিগী জামাতৰ সৈতে সম্পৰ্ক থকা পাঁচ জন পুৰুষ আৰু পাঁচ গৰাকী মহিলাক বৰকান্দাত কোৱাৰেন্টাইন কৰি ৰখা হৈছে ৷ এই পুৰুষ-মহিলা সকল উত্তৰাখণ্ডৰ পৰা দিল্লী নিজামুদ্দিনত দুই দিন অতিবাহিত কৰি বঙাইগাঁও, গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্ত হৈ বিলাসীপাৰা মহকুমাৰ চাপৰত উপস্থিত হৈছিল ৷ এই সকল লোকো হাজী জামালুদ্দিনৰ সংস্পৰ্শলৈ আহিছিল ৷ বৰকান্দা কোৱাৰেন্টাইনত থকা লোকসকলক ৰানীগঞ্জ আৰু বগৰীবাৰী চিকিৎসা আৰু স্বাস্থ্য বিভাগে নিয়মিত স্বাস্থ্যৰ বুজ লৈ আছে ৷
লগতে পঢ়ক : COVID-19: আন্তঃৰাষ্ট্ৰীয় বজাৰত হ্ৰাস হীৰাৰ মূল্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.