ETV Bharat / state

ধুবুৰীৰ গৌৰীপুৰত 20 গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ

author img

By

Published : Jul 23, 2020, 4:15 PM IST

Updated : Jul 23, 2020, 10:44 PM IST

ধুবুৰী জিলাৰ গৌৰীপুৰতো কৰ'ণা মহামাৰীয়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰবাবে গৌৰীপুৰ চহৰত প্ৰশাসনে ৰেপিড এন্টিজেম টেষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গৌৰীপুৰ ছোৱালী হাইস্কুলত জিলা প্ৰশাসনৰ উদ্যোগত এই টেষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মুঠ ১২০ জন লোকৰ ৰেপিড এন্টিজেম টেষ্ট কৰা হৈছিল । ইয়াৰে 20 গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ ধৰা পৰিছে । আক্ৰান্ত লোক সকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

COVID19 RENDOM TEST IN DUBURI GOURIPUR
গণ সংক্ৰমণৰ দিশে ধুবুৰীৰ গৌৰীপুৰ চহৰ

ধুবুৰী, 23 জুলাই : ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক'ভিড-19 ত আক্ৰান্ত লোকৰ সংখ্যা ৷ ৰোগ সংক্ৰমণ ৰোধ কৰাৰ বাবে চৰকাৰী সকলো ধৰণৰ নীতি-নিৰ্দেশনা পালন কৰাৰ পিচতো ৰোধ কৰিব পৰা নাই গণ সংক্ৰমণ ৷ অসমৰ ধুবুৰী জিলাতো গণ সংক্ৰমণৰ দিশে কৰ'ণা ভাইৰাছ ৷ জিলাখনত প্ৰতিদিনে বৃদ্ধি পাই আহিছে আক্ৰান্ত লোকৰ সংখ্যা ৷ আনকি,ভ্ৰমণ ইতিহাস নথকা লোকৰ দেহতো ধৰা পৰিছে মহামাৰী কৰ'ণা ভাইৰাছ ৷

গণ সংক্ৰমণৰ দিশে ধুবুৰীৰ গৌৰীপুৰ চহৰ

জিলাখনৰ গৌৰীপুৰতো কৰ'ণা মহামাৰীয়ে গণ সংক্ৰমণৰ ৰূপ ধাৰণ কৰিছে ৷ যাৰ বাবে গৌৰীপুৰ চহৰত প্ৰশাসনে ৰেপিড এন্টিজেম টেষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ গৌৰীপুৰ ছোৱালী হাইস্কুলত জিলা প্ৰশাসনৰ উদ্যোগত এই টেষ্ট কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ ইতিমধ্যে,প্ৰশাসনক এই টেষ্টৰ বাবে সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়াইছে ৷ গৌৰীপুৰৰ চাৰিটা ৱাৰ্ডৰ ৰাইজ নিজ ইচ্ছাই ওলাই আহি টেষ্ট কৰা বুলি জানিব পৰা গৈছে ৷

গণ সংক্ৰমণৰ দিশে ধুবুৰীৰ গৌৰীপুৰ চহৰ

তথ্য অনুসৰি, মুঠ ১২০ জন লোকৰ ৰেপিড এন্টিজেম টেষ্ট কৰা হৈছিল । ইয়াৰে 20 গৰাকীৰ দেহত ক'ভিড-19 পজিটিভ ধৰা পৰিছে । আক্ৰান্ত লোক সকলক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ লগতে, গৌৰীপুৰ নগৰৰ ২ আৰু ৩ নং ৱাৰ্ড ১৪ দিনৰ বাবে কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিছে ধুবুৰী জিলা প্ৰশাসনে।

উল্লেখ্য যে, ধুবুৰী জিলাত ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা 600 অতিক্ৰমণ কৰিছে ৷ একেদৰে জিলাখনৰ গৌৰাপুৰ চহৰতো কৰ'ণা ৰোগীৰ সংখ্যা প্ৰায় 70 গৰাকী বুলি জানিব পৰা গৈছে ৷ আনহাতে,22 জুলাইৰ নিশা অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টুইট অনুসৰি,অসমত সৰ্বমুঠ কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 27744 গৰাকী,একেদৰে সুস্থ হোৱা ৰোগীৰ সংখ্যা 19350 গৰাকী ৷ চিকিৎসাধীন ৰোগীৰ সংখ্যা 8325 গৰাকী আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা 66 গৰাকীলৈ বৃদ্ধি ৷ অসমত সৰ্বমুঠ সুস্থ হোৱা ৰোগীৰ হাৰ 71.5 শতাংশ ৷

লগতে পঢ়ক : কোভিড-19 ৰোগীৰ পৰিয়ালে জ্বলালে এম্বুলেন্স

Last Updated : Jul 23, 2020, 10:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.