গোলকগঞ্জ, ৩ জুনঃ অসম-পশ্চিম বংগৰ গোলকগঞ্জত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । এটা ৮ জনীয়া পৰিয়ালৰ ৫ জনৰ সদস্যৰ দেহতে কৰ'ণাৰ উপস্থিতি লাভ কৰাৰ বিপৰীতে গোলকগঞ্জৰ আগমণিত পুনৰ ১৯ জন ব্যক্তিৰ শৰীৰত লাভ কৰিছে COVID-19ৰ উপস্থিতি । যাৰ বাবে আতংকিত হৈ পৰিছে স্থানীয় ৰাইজ ।
কৰ'ণাত আক্ৰান্ত আটাইকেইজন ব্যক্তি বহিঃ ৰাজ্যত কৰ্মৰত পুৰুষ-মহিলা বুলি জানিবলৈ দিয়ে প্ৰশাসনে । বহিঃৰাজ্যৰ পৰা অহা আটাইকেইজন ব্যক্তি কোৱাৰেণ্টাইনত কেন্দ্ৰত আছিল যদিও পাছলৈ ব্যক্তি কেইজনক হোম কোৱাৰেণ্টাইলৈ প্ৰেৰণ কৰে । কিন্তু মঙলবাৰে ব্যক্তি কেইজন কৰ'ণা আক্ৰান্ত বুলি প্ৰশাসনে খবৰ লাভ কৰা পাচতে আগমণি চক্ৰ বিষয়া চিৰঞ্জীত দাসৰ নেতৃত্বত এটা দলে নিশাৰ ভিতৰতে কৰ'ণা আক্ৰান্ত ব্য়ক্তি কেইজনক বিলাসীপাৰা আদৰ্শ চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।