ETV Bharat / state

ধুবুৰীত চিকিৎসক,নাৰ্চ,চাফাইকৰ্মীসহ 11 গৰাকীক কোৱাৰেণ্টাইন

author img

By

Published : Jun 6, 2020, 4:02 PM IST

শুকুৰবাৰে ধুবুৰী জিলাৰ COVID-19 চিকিৎসালয়ত কৰ্মৰত চিকিৎসক,নাৰ্চ,চাফাইকৰ্মীকে ধৰি 11 গৰাকীকৈ লোকক প্ৰেৰণ 7 দিনৰ কোৱাৰেণ্টাইনলৈ ৷

11 medical staffs to quarantine in dhubri

ধুবুৰী, 6 জুনঃ ধুবুৰী অসামৰিক চিকিৎসালয়,বিলাসীপাৰা চিকিৎসালয়,মটেৰঝাৰ মহাত্মা গান্ধী আদৰ্শ বিদ্যালয়কে ধৰি কেবাখনো COVID-19 চিকিৎসালয়ত ভৰ্তি হৈ আছে বহু কেইগৰাকী পজিটিভ ৰোগী ৷ ইতিমধ্য এই ৰোগীসকলক চিকিৎসা প্ৰদান কৰি থকা চিকিৎসক সকলক পৰ্যায়ক্ৰমে কোৱাৰেণ্টাইনৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰসাশন আৰু স্বাস্থ্য বিভাগে ৷ সেই অনুসৰি,আজি ধুবুৰী অসামৰিক চিকিৎসালয়ত কৰ্মৰত ডাঃ নুৰ ইছলাম আহমেদ আৰু আব্দুল হাকিম আনচাৰীৰ লগতে পুনম ছেত্ৰী,কাকলি দাস আৰু জয়শ্ৰী ৰয়কে ধৰি তিনি গৰাকী নাৰ্চসহ এজন লেৱৰেটৰিয়ান,দুজন চাফাই কৰ্মী,দুজন ৱাৰ্ড বয় আৰু এগৰাকী ৱাৰ্ড গাৰ্লসহ মুঠ 11 গৰাকী লোকক 7 দিনৰ বাবে প্ৰেৰণ কৰা হৈছে কোৱাৰেণ্টাইনলৈ ৷ ইয়াৰে চিকিৎসক আৰু নাৰ্চসকলক বিজয়া ৰেচিডেন্সিত ৰখাৰ বিপৰীতে বাকী সকলক ৰখা হৈছে হোটেল ব্ৰহ্মপুত্ৰত ৷

ধুবুৰীত চিকিৎসক, নাৰ্চ, চাফাইকৰ্মীসহ 11 গৰাকীক কোৱাৰেণ্টাইন

জিলাখনত তিনিখন চিকিৎসালয়ত COVID-19 ৰোগী চিকিৎসাধীন হৈ থকা বুলি জিলা উপায়ুক্ত অনন্তলাল জ্ঞানীয়ে উল্লেখ কৰাৰ বিপৰীতে,এতিয়াও দুই সহস্ৰাধিক লোক কোৱাৰেণ্টাইন হৈ আছে বুলি উল্লেখ কৰে উপায়ুক্ত গৰাকীয়ে ৷ আনহাতে জিলা খনৰ বগৰিবাৰীত আন এখন COVID-19 চিকিৎসালয়ৰ ব্যৱস্থা কৰা হ'ব বুলিও জনায় উপায়ুক্ত গৰাকীয়ে ৷ জিলা খনত বৰ্তমানলৈ ২০৪ জনলৈ বৃদ্ধি পাইছে COVID-19 আক্ৰান্ত লোকৰ সংখ্যা ৷

লগতে পঢ়কঃ COVID-19 ৰ সংকটৰ সময়ত অনুৰাগীক মনোৰঞ্জন দিবলৈ আগ্ৰহী ৰেপ ষ্টাৰ বাদশ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.