জোনাই, ১৮ জুলাই : জোনাইত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ ২০ সংখ্যক দ্বি-বাৰ্ষিক জোনাই অধিবেশন (AJYCP Biennial Session in Jonai)। অধিবেশনখনিৰ সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে ধেমাজি জিলাৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই । অধিবেশনখনিত ৰাজ্যৰ বিভিন্ন জিলাৰ বহু সংখ্যক প্ৰতিনিধি তথা পাঁচ সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰে ।
সাধাৰণ অধিৱেশনখনৰ শেষ নিশাটি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ গীতৰ মায়াজালেৰে জীপাল কৰি তোলে(Zubin Garg concert in Jonai) ৷ জুবিন গাৰ্গে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোনাই অধিবেশন স্থলীতে জিলা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰক আহ্বান জনায় (Demand for declarae Jonai district) ৷ জোনাই যিহেতু অৰুণাচল সীমান্তৱৰ্তী এক মহকুমা আৰু জিলা সদৰৰ সতে ইয়াৰ দূৰত্ব ১০০ কিলোমিটাৰ অধিক সেয়ে ৰাইজৰ সুবিধাৰ হকে এই অনুৰোধ জনায় জুবিন গাৰ্গে ৷
সংগীতানুষ্ঠানৰ মাজতে স্বভাৱসুলভভাৱে শিল্পীগৰাকীয়ে জোনাইবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সমৰ্থন জনাই পবা বৰ্ষাৰণ্যক বন্যপ্ৰাণী অভাৰণ্য হিচাপে সংৰক্ষণ কৰিবলৈও চৰকাৰক আহ্বান জনায় । লগতে ২০২৪ চনত কলাগুৰু সংগীত মহোৎসৱ” জোনাইত অনুষ্ঠিত কৰা হ’ব বুলি মন্তব্য কৰে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে ৷ জুবিন গাৰ্গৰ মন উতলা কৰা গীতৰ অনুষ্ঠানে মোহনীয় কৰি তুলিলে অধিবেশনৰ শেষ নিশা ।
ইফালে সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীত DID Little master ৰ দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ প্ৰাপ্ত আপ্পোন পেগু আৰু আধ্যাশ্ৰী উপাধ্যায়ক এখনি ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সধাৰণ সম্পাদক পলাশ চাংমায়ে উদ্ধোধন কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰাণা প্ৰতাপ বৰুৱা ৷ আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সাংস্কৃতিক সম্পাদক দেৱজিৎ দাসকে আদি কৰি বিভিন্ন জাতীয় সংগঠনৰ নেতা ।
লগতে পঢ়ক: Theft in Dhubri: চোৰে লুটিলে দোকানৰ সামগ্ৰীসহ কেছবক্সৰ ধন