ETV Bharat / state

ধেমাজিত ক'ভিড কেয়াৰ কেন্দ্ৰত যোগ শিবিৰ আৰম্ভ - ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডী

ধেমাজি তেলিজানস্থিত আন্ত:জিলা বাছ আস্থান ক'ভিড কেয়াৰ কেন্দ্ৰত আৰম্ভ হৈছে যোগ প্ৰশিক্ষণ শিবিৰ ৷ ক'ভিডত আক্ৰান্তসকলক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সবল কৰি তুলিবৰ বাবে আৰম্ভ কৰা হৈছে এই প্ৰচেষ্টা ৷

yuga-camp-started-at-covid-care-center-at-dhemaji
ধেমাজিত ক'ভিড কেয়াৰ কেন্দ্ৰত যোগ শিবিৰ আৰম্ভ
author img

By

Published : Jun 12, 2021, 11:32 AM IST

ধেমাজি, 12 জুন : ক'ভিডত আক্ৰান্ত ব্যক্তিসকলক মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু সবল কৰি তুলিবৰ বাবে শুকুৰবাৰৰে পৰা ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰম্ভ হৈছে এটি যোগ প্ৰশিক্ষণ শিবিৰ ৷ ধেমাজি তেলিজানস্থিত আন্ত:জিলা বাছ আস্থান ক'ভিড কেয়াৰ কেন্দ্ৰত আৰম্ভ হৈছে এটি যোগ প্ৰশিক্ষণ শিবিৰটো ৷

yuga-camp-started-at-covid-care-center-at-dhemaji
ধেমাজিত ক'ভিড কেয়াৰ কেন্দ্ৰত যোগ শিবিৰ আৰম্ভ

শুকুৰবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী হিচাপে ধেমাজি জিলা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ প্ৰচাৰ মাধ্যম বিষয়া অচ্যুত গগৈয়ে আঁত ধৰা অনুষ্ঠানত ধেমাজিৰ আৰোগ্য যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰিচালক পুলেন দাসৰ দ্বাৰা যোগ প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি ধেমাজি জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীয়ে যোগ আৰু প্ৰানায়মৰ জৰিয়তে ক'ভিড আক্ৰান্ত ৰোগীসকলে সোনকালে আৰোগ্য লাভ কৰিব পাৰে বুলি মন্তব্য কৰে ৷ সেইদৰে ধেমাজি জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ উদয়ন কুমাৰ বৰুৱাই ক'ভিড আক্ৰান্তক উৎসাহিত কৰে ৷ শিবিৰত অংশগ্ৰহণ কৰে কেন্দ্ৰটোত কৰ'ণাত আক্ৰান্ত হৈ ভৰ্তি হোৱা 76 গৰাকী লোকে ৷ উল্লেখ্য যে, প্ৰতিদিনে 7 পৰা 8 বজালৈ অনুষ্ঠিত হ'ব এই যোগ প্ৰশিক্ষণ ৷

লগতে পঢ়কঃ চাপৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বিলাতী সুৰা জব্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.