ETV Bharat / state

Russia Ukraine crisis: ইউক্ৰেইনত আৱদ্ধ জোনাইৰ আব্দুৰ ৰছিদ - জোনাইৰ আব্দুৰ ৰছিদ

নিজৰ সন্তানৰ বাবে আপেক্ষাৰত জোনাইৰ এগৰাকী মাতৃ ৷ যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আজি পৰ্যন্ত আৱদ্ধ জোনাইৰ আব্দুৰ ৰছিদ (Russia Ukraine crisis) ৷

Russia Ukraine crisis
ইউক্ৰেইনত আৱদ্ধ জোনাইৰ আব্দুৰ ৰছিদ
author img

By

Published : Mar 5, 2022, 3:52 PM IST

জোনাই, 5 মাৰ্চ : ‘‘অসম তথা ভাৰত চৰকাৰ, আমাক সোনকালে লৈ যাওক ইয়াৰ পৰা ৷ বৰ্তমান আমাৰ হাতত মজুত নাই পৰ্যাপ্ত পৰিমাণৰ খাদ্য সামগ্ৰী ৷ আমি খাদ্য বহু সংকটত ভুগিছো’’ ৷ এই মন্তব্য যুদ্ধ জৰ্জৰ ইউক্ৰেনত অধ্যয়নৰত ছাত্ৰ আব্দুৰ ৰছিদ (Russia Ukraine crisis) ৷

যুদ্ধ বিধস্ত ইউক্ৰেনত বৰ্তমানেও আবদ্ধ হৈ আছে জোনাইৰ আব্দুৰ ৰছিদ (Youth from Jonai trapped in Ukraine) ৷ জোনাই কমলপুৰৰ নিবাসী চহিদুল আলিৰ পুত্ৰ আব্দুৰ ৰছিদ ইউক্ৰেইনৰ চুমিত বিশ্ববিদ্যালয়ত মেডিকেল বিজ্ঞান বিভাগৰ পঞ্চম ষান্মাসিকৰ ছাত্ৰ ৷ ইউক্ৰেনত যুদ্ধ ঘোষণা হোৱাৰ পাচৰে পৰা নিজা হোষ্টেল এৰি সুৰক্ষিত স্থানলৈ যাব নোবাৰাত বৰ্তমানো বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ বাংকাৰতে আবদ্ধ হৈ থাকিব লগীয়া হৈ আছে আব্দুৰ ৰছিদসহ আন কেইবাজনো ছাত্ৰ ৷

ইউক্ৰেইনত আৱদ্ধ জোনাইৰ আব্দুৰ ৰছিদ

কিন্তু এতিয়া ছাত্ৰ কেইজৰ জীৱনলৈ আহিছে প্ৰাণৰ সংশয় ৷ খাদ্যৰ অভাৱত কেৱল পানী খায়ে বাংকাৰত প্ৰচণ্ড শীতৰ মাজতে দিন অতিবাহিত কৰিব লগাত পৰিছে ৷ আনকি বৰ্তমান পানীৰ নাটনিও দেখা দিছে আব্দুৰ ৰছিদে থকা বাংকাৰত ৷

সেয়ে এক ভিডিঅ’ৰ যোগে অতি সোনকালে জোনাইৰ আব্দুৰ ৰছিদৰ লগতে তেওঁৰ সৈতে ইউক্ৰেনত আৱদ্ধ হয় থকা ভাৰতীয় সতীৰ্থ সকলক সুকলমে উদ্ধাৰ কৰিবলৈ অসম তথা ভাৰত চৰকাৰ অনুৰোধ জনাইছে ৷ সংবাদ মাধ্যমৰ আগত অসম তথা ভাৰত চৰকাৰলৈ আব্দুৰ ৰছদিৰ মাতৃৰো আহ্বান, সোনকালে আব্দুৰ ৰাছিদ আৰু আন ভাৰতীয়সকলক ঘূৰাই অনাৰ ব্যৱস্থা কৰক ৷

লগতে পঢ়ক : Russia Ukraine war : যুদ্ধবিৰতি ঘোষণা ৰাছিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.