জোনাই ১১ জুলাই: ৰাজ্যত প্ৰথমবাৰৰ বাবে ব্যৱসায়িক ভিত্তিত ‘দুগ্ধ কাঠফুলা ’ খেতি কৰি চৰ্চিত হৈ পৰিছে জোনাইৰ অনিল পেগু (Mushroom at Jonai)৷ প্ৰায় 20 বছৰ পূৰ্বৰে পৰা সাধাৰণ কাঠফুলাৰ খেতি কৰি অহা অনিল পেগুৱে শেহতীয়াকৈ ‘দুগ্ধ কাঠফুলা’ খেতি পৰীক্ষামূলকভাৱে কৰি সফল হ’বলৈ সক্ষম হৈছে ৷
বহিঃৰাজ্যত এই কাঠফুলা(Milky mushroom) সুলভ যদিও অসমত খুউৱ কম দেখা যায় ৷ অসমৰ জলবায়ুৰ তাৰতম্যৰ বাবে ব্যৱসায়িক ভিত্তিত এই কাঠফুলা কমকৈ হোৱা দেখা যায় বুলি মন্তব্য কৰে উদ্যমী যুৱক অনিলে ৷ যথেষ্ট পৰিমানে প্ৰ’টিন(Protein in Mushroom) আৰু ন্যূনতম কলেষ্ট্ৰৰেলসমৃদ্ধ এই কাঠফুলা যথেষ্ট সুস্বাদু বুলিও মন্তব্য কৰে অনিল পেগুৱে ৷
দুগ্ধ প্ৰজাতিৰ কাঠফুলা খেতিৰ বাবে নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই যুৱকজনে কয় যে ইয়াৰ বাবে মূলধনৰো বিশেষ প্ৰয়োজন নহয় ৷ মাত্ৰ 5-10 হাজাৰ টকাৰেই আৰম্ভ কৰিব পাৰি কাঠফুলা খেতি (Milky mushroom cultivation) ৷ ইয়াৰ জৰিয়তে স্বাৱলম্বী হোৱাৰো নিশ্চিতি প্ৰদান কৰে যুৱকজনে ৷
উল্লেখ্য যে, নতুন প্ৰজাতিৰ কাঠফুলা ‘দুগ্ধ কাঠফুলা’ ব্যৱসায় ভিত্তিত আৰম্ভ কৰি ঘৰখন সুন্দৰভাৱে চলাই থাকিবলৈ সক্ষম হোৱা বুলি মন্তব্য কৰে অনিল পেগু ৷ ইয়াৰোপৰি প্ৰতি কেজি কাঠফুলা 200-400 টকাত বিক্ৰী হোৱা বুলি তেও জানিবলৈ দিয়ে (Price of Milky mushroom)৷
লগতে পঢ়ক: সফল জীৱনৰ বাবে একাডেমিক পৰীক্ষাৰ গুৰুত্ব কিমান ? ডিজিপিয়ে দিলে বহু উদাহৰন