ETV Bharat / state

ডুমডুমাত সাহিত্যিক যোগেশ দাসৰ স্মৃতি দিৱস উদযাপন - কথা সাহিত্যিক যোগেশ দাসৰ স্মৃতি দিৱস উদযাপন

সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত কথা-সাহিত্যিক যোগেশ দাসৰ স্মৃতি দিৱস উদযাপন(Jogesh Das Memorial Day Celebration in Doom Dooma) ৷ ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই স্মৃতিচাৰণ সভা ৷

Yogesh Das Memorial Day Celebration in Jonai
জোনাইত কথা-সাহিত্যিক যোগেশ দাসৰ স্মৃতি দিৱস উদযাপন
author img

By

Published : Sep 10, 2022, 2:20 PM IST

জোনাই, ১০ ছেপ্টেম্বৰ: সোণোৱাল কছাৰী সাহিত্য সভাৰ উদ্যোগত, তিনিচুকীয়া জিলা সোণোৱাল কছাৰী সাহিত্য সভাৰ, ৰূপাই শাখা সমিতি আৰু ৰূপাই চাইডিং অঞ্চলবাসীৰ সহযোগত শুকুৰবাৰে ডুমডুমা মহাবিদ্যালয়ৰ কল্লোল প্ৰেক্ষাগৃহত কথা-সাহিত্যিক যোগেশ দাসৰ স্মৃতি দিৱস গাম্ভীৰ্যপূৰ্ণভাৱে উদযাপন কৰা হয় (Doom Dooma College) । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে বৰপথাৰ বাইথ'শালৰ প্ৰাক্তন মজিন্দাৰ প্ৰমোদ সোণোৱালে ।

ডুমডুমা কথা-সাহিত্যিক যোগেশ দাসৰ স্মৃতি দিৱস উদযাপন

ইয়াৰ পাছতে যোগেশ দাসৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাৰ্ঘ অৰ্পণ কৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ উপদেষ্টা ভূৱন চন্দ্ৰ বড়াই । সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালৰ সভাপতিত্বত অনুষ্ঠিত হোৱা স্মৃতিচাৰণ সভা আৰু স্মাৰক গ্ৰন্থ উন্মোচন অনুষ্ঠানৰ উদ্ধোধন কৰে সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য উপদেষ্টা গুণেশ্বৰ সোণোৱালে । সভাত স্মাৰক গ্ৰন্থ 'কথা-সাহিত্যিক যোগেশ দাস' উন্মোচন কৰে ডুমডুমা মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ অমৰজ্যোতি শইকীয়াই ।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল(Sonowal Kachari Autonomous Council) ,বিশিষ্ট অতিথি হিচাপে ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা শ্বৰীফা খাতুন চৌধুৰী, সোণোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰাক্তন সভাপতি শান্তনু দাস বৰহাজোৱাল, ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক বেণু বড়া ,ডুমডুমা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষা ড৹ অৰুণা গগৈ বৰুৱা, উপাধ্যক্ষা ড৹ চম্পা ৰাও মহন, তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱা, আসাম ট্ৰিবিউন কাকতৰ জ্যেষ্ঠ সাংবাদিক ধীৰেণ ডেকা উপস্থিত থাকি কথা-সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগেশ দাসৰ সাহিত্য-কৰ্ম আৰু জীৱন-দৰ্শনৰ ওপৰত সাৰুৱা বক্তব্য আগবঢ়ায় ।

সোণোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক মৃদুল সোণোৱালে আঁত ধৰা অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপিকা ড৹ কৰবী ডেকা হাজৰিকাই যোগেশ দাস এগৰাকী শিক্ষাবিদ আৰু সু-সাহিত্যিক আছিল বুলি উল্লেখ কৰাৰ লগতে বহুকেইখন গ্ৰন্থ ৰচনা কৰি কথা-সাহিত্যিকগৰাকীয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি গৈছে বুলি ভাষণত উল্লেখ কৰে । সভাত সোণোৱাল কছাৰী সাহিত্য সভাৰ উপদেষ্টা অহিন্দ্ৰ শইকীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ইএম বসন্ত সোণোৱাল ,ৰাজু সোণোৱাল ,জিএম দিপ্তী শইকীয়া প্ৰমুখ্য বহুলোক উপস্থিত থাকে ।

লগতে পঢ়ক: অসবৰ্ণ বিবাহ সম্পন্ন কৰি সমাজৰ পৰা এঘৰীয়া হ’ল চাবুৱাৰ পৰিয়াল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.