ধেমাজি, 3 আগষ্ট: দেশৰ আন প্ৰান্তৰৰ দৰে অসমতো শ্ৰমিকসকলৰ সামাজিক নিৰাপত্তাৰ দিশটোৰ ৰাজহাড়ডাল ভাঙি অতি কৌশলেৰে কিদৰে পুঁজিপতিসকলে চাহ খেতিয়কসকলক শোষণ-নিষ্পেষণ কৰে সেয়া লেপেটকটাৰ চাহ কলঘৰৰ শ্ৰমিক মইনা নায়কৰ দুৰ্ঘটনাই প্ৰমাণ কৰিছিল(Govt to push four labour codes replacing the existing acts)।
ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিছাত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মইনা নায়কৰ ন্যায়ৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তত আজিও অব্যাহত আছে প্ৰতিবাদ (Dibrugarh Tea garden accident)। তাৰ মাজতে পুনৰ একে ঘটনাই সংঘটিত হৈছে ধেমাজি ৰাজহ চক্ৰৰ অধীনৰ মাছখোবাৰ বুটিকোৰ হাবুং টি এণ্ড ইণ্ডাষ্ট্ৰীত (Dhemaji Habung Tea & Industries Private Limited accident) ৷ জানিব পৰা মতে যোৱা দেওবাৰেই বুটিকোৰ হিলৈপৰা গাঁৱৰ নিবাসী ফনিধৰ কলিতাই প্ৰতিস্থানটোৰ কলঘৰত কৰ্মৰত অৱস্থাতে এখন ভৰি মেচিনত সোমাই পৰে ৷
গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হোৱা ফনিধৰ কলিতাক কৰ্তৃপক্ষই ততাতয়াকৈ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ নি চিকিৎসাৰ ব্যৱস্থা কৰে যদিও শ্ৰমিক ফণীধৰ কলিতাই হেৰুৱালে এখন ভৰি ৷ ফণীধৰ কলিতাৰ আঘাতপ্ৰাপ্ত ভৰিখন চিকিৎসকে কাটি দিব লগা হ’ল (Tea garden worker injured as left leg gets stuck in machine) ৷
মন কৰিব লগা কথা এয়ে যে, এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ দুদিন পাছতহে পোহৰলৈ আহিছে ঘটনাৰ প্ৰকৃত তথ্য । ইফালে এই ঘটনাৰ পাছতেই ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তিজনৰ দৰিদ্ৰ পৰায়ালটোৰ মাজত লাগিছে হাহাকাৰ ৷ উন্নত চিকিৎসাৰ জড়িয়তে শ্ৰমিক ফণীধৰ কলিতাক সুস্থ কৰি তোলাৰ লগতে উচিত ক্ষতিপূৰণৰ দাবী তুলিছে কলঘৰৰ কতৃপক্ষক (Compensation for Phanidhar kalita) ৷
এই কথা অৱগত হোৱাৰ পাছতে মঙলবাৰে সমগ্ৰ ঘটনাৰ বুজ ল’লে ধেমাজি জিলা শ্ৰম বিষয়া ভৱজিৎ দলেই ৷ বিষয়াগৰাকীয়ে জানিব দিয়া মতে, তেওঁ শ্ৰম বিভাগৰ ফালৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব ৷
শেহতীয়াকৈ ৰাজ্যত বিভিন্ন চাহ বাগানৰ কলঘৰৰ ইটোৰ পিছত সিটোকৈ শ্ৰমিক আহত হোৱা ঘটনাই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আকস্মিকভাৱে হ’ব পৰা যিকোনো দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কলঘৰসমূহত থাকিব লগা সুবিধাৰ ব্যৱস্থাক লৈও এতিয়া সচেতন মহলে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷
লগতে পঢ়ক: Class10 girl in Hojai found dead: উলংগ অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ