ETV Bharat / state

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে একত্ৰিত মহিলাঃ জ্বালাই দিলে বিঘাই বিঘাই ভাং খেতি

শনিবাৰে জোনাই মহকুমাৰ পুৰণা জেলম অঞ্চলৰ মহিলা সকলে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক সজাগতা সমদল বাহিৰ কৰে । ইয়াৰ লগতে এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা দেখিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে মহিলাসকলে ।

author img

By

Published : Jun 2, 2019, 10:35 AM IST

Updated : Jun 2, 2019, 12:12 PM IST

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মহিলাৰ সজাগতা সমদল

জোনাই, ২ জুন : জোনাই মহকুমাৰ পুৰণা জেলম অঞ্চলৰ মহিলা সকলে নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে এক সজাগতা সমদলৰ আয়োজন কৰিছে । যোৱা 23 মে'ৰ পৰা মহিলাসকলে এই অঞ্চলটোত থকা বহু বিঘা ভাং খেতি জ্বলাই নষ্ট কৰাৰ পাছতে পুনৰ মদ, ভাং, কানিৰ দৰে নিচাযুক্ত দ্ৰব্য নিৰ্মূলকৰণৰ উদ্দেশ্য সজাগতা সমদল উলিয়ায় । পুৰণা জেলম তিনিআলিৰ পৰা ২ নং পুৰণা জেলম, তল চিৰুং, মধ্য চিৰুং, আনচিং গাঁও আদিত সমদল উলিয়াই মহিলাসকলে ।

নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মহিলাৰ সজাগতা সমদল

ভাং - কানি খেতি কৰা বন্ধ কৰক, জুৱা খেলা বন্ধ কৰক আদি বিভিন্ন শ্ল'গানেৰে মহিলাসকলে উত্তাল কৰি তোলে পৰিবেশ । তাৰোপৰি, সেই অঞ্চলটোত এনে নিচাজাতীয় দ্ৰব্য সেৱন কৰা দেখিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সকীয়াই দিয়ে মহিলাসকলে ।

Intro:Body:জোনাইত নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মহিলাৰ সজাগতা সমদল

জোনাই 2 জুন
জোনাই মহকুমাৰ পুৰণা জেলম অঞ্চলৰ মহিলা সকলে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে l যোৱা 23 মে'ৰ পৰা মহিলাসকলে পুৰণাজেলম অঞ্চলৰ বিঘাই বিঘাই ভাং খেতি জ্বলাই নষ্ট কৰাৰ পিচতে পুনৰ মদ, ভাং, কানি, ড্ৰাগছ আদি নিচাযুক্ত দ্ৰব্য নিৰ্মূলকৰণৰ উদ্দেশ্য শনিবাৰে মহিলাসকলে উলিয়াই এক সজাগতা সমদলl পুৰণা জেলম অঞ্চলৰ মহিলাসকলৰ উদ্যোগত পুৰণা জেলম তিনিআলিৰ পৰা ২ নং পুৰণা জেলম , তল চিৰুং, মধ্য চিৰুং, আনচিং গাঁও আদি গাঁও সমূহত উলিওৱা হয় এই নিচাজাতীয় দ্ৰব্য নিৰ্মূলকৰণৰ সজাগতা সমদলখনl ভাং , কানি খেতি কৰা বন্ধ কৰক, কানি, মদ, ভাং খোৱা বন্ধ কৰক , জুৱা খেলা বন্ধ কৰক আদি বিভিন্ন শ্লগান দি মহিলাসকলে পৰিভ্ৰমণ কৰে অঞ্চলটোতl ইফালে পুৰণা জেলম অঞ্চলত অনাগত দিনতো মদ, ভাম, কানি, ড্ৰাগছ আদি সেৱন অথবা বিক্ৰী কৰা দেখিলে এনে ব্যক্তিৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি সকীয়াই দিছে মহিলাসকলেl

কৰবী দলে, জোনাইConclusion:
Last Updated : Jun 2, 2019, 12:12 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.