ধেমাজি, 5 মে' : কৰ'ণা মহামাৰীৰ সময়ত সাংবাদিকে প্ৰতিদিনেই জনসাধাৰণক সত্য আৰু শুদ্ধ সংবাদ দিবলৈ অহৰহ চেষ্টা চলাই আহিছে ৷
নিজৰ জীৱনৰ কথা চিন্তা নকৰি গাম্যঞ্চলত নিয়োজিত প্ৰতিজন মফচলীয়া সাংবাদিকে কৰ'ণাৰ আতংকময় পৰিৱেশত প্ৰতিদিনেই অব্যাহত ৰাখিছে নিজৰ কৰ্ম ৷
কৰ'ণাৰ হকে এখোজ আগুৱাই গৈ পুনৰ নতুন উৎসাহ-উদ্দীপনাৰে নিজৰ কাম কৰিবলৈ উৎসাহ যোগোৱাৰ উদ্দেশ্যে মংগলবাৰে ধেমাজি প্ৰেছ ক্লাৱৰ সংবাদকৰ্মী সকলক ধেমাজি জিলা মহিলা সমিতিৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷
প্ৰতিগৰাকী সংবাদকৰ্মীক একোখন ফুলাম গামোছা আৰু মাস্কৰে সম্বৰ্ধনা জনাই জিলা মহিলা সমিতিৰ বিষয়ববীয়াসকলে ৷
লগতে পঢ়ক : লক্ ডাউন : বৃহৎ ক্ষতি পূৰাবলৈ অসম পৰ্যটনে কৰিছে নতুন পৰিকল্পনা !