জোনাই,২৮ মে': ধেমাজি জিলাৰ জোনাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা জেলম গাঁৱৰ এগৰাকী ২৬ বছৰীয়া বিবাহিতা মহিলা সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে চাঞ্চল্য (Woman missing from Jonai) । তিনিটা সন্তানৰ মাতৃ মহিলাগৰাকী ঘৰৰ পৰা ওলাই যোৱাৰ পাছৰে সন্ধান নাই বৰ্তমান পৰ্যন্ত । সন্ধানহীন মহিলাগৰাকীৰ নাম মল্লিকা বৰি পেগু ।
জানিব পৰা মতে, ২৪ মে' অৰ্থাৎ মঙলবাৰে দিনৰ প্ৰায় ১২ বজাত ঘৰৰ পৰা ওলাই গৈছিল মহিলাগৰাকী । কিন্তু তাৰ পাছৰে পৰা বৰ্তমান পৰ্যন্ত ঘূৰি অহা নাই মল্লিকা । মল্লিকাৰ স্বামী জনতা পেগুৱে আত্মীয়-স্বজনৰ ওচৰত খবৰ কৰিছে যদিও লাভ কৰা নাই কোনো সন্ধান । ঘটনা সন্দৰ্ভত জনতা পেগুৱে জোনাই আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ ।
সন্ধানহীন মল্লিকাই এৰি থৈ গৈছে ২ আৰু ৪ বছৰীয়া দুটি পুত্ৰ সন্তানৰ লগতে ৬ বছৰীয়া এগৰাকী কন্যা সন্তানক । যোৱা ২৪ মে তাৰিখে নিশা প্ৰায় ৭ বজাত মুৰ্কংচেলেক ৰেলৱে ষ্টেচনৰ পৰা কোনো স্থানলৈ যোৱাৰ তথ্য লাভ কৰিছে বুলি জানিব দিলে মহিলাগৰাকীৰ স্বামীয়ে ৷
ইফালে মল্লিকাৰ নিৰুদ্দেশৰ পাছতে ভাঙি পৰিছে স্বামী জনতা পেগু । কোনো লোকে সন্ধান পালে ৯৬৭৮৯১৪৫৯৯ নম্বৰত অথবা স্থানীয় আৰক্ষী চকীত খবৰ দিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ স্বামীয়ে ।
লগতে পঢ়ক: মহানগৰীত একেটা পৰিয়ালৰ তিনিজনক ঘপিয়ালে উদণ্ড যুৱকে