ETV Bharat / state

Buffalo attack at Jonai: জোনাইত ম'হৰ আক্ৰমণত নিহত মহিলা - Buffalo attack in Dekapam Amlakhi Pait

জোনাইৰ ডেকাপাম আমলখি পাইট গাঁৱত ম'হৰ আক্ৰমণত নিহত মহিলা (Buffalo attack in Dekapam Amlakhi Pait)। ঘটনাস্থলীত গঞা ৰাইজৰ বন বিভাগৰ বিৰুদ্ধে ক্ষোভ । ক্ষুব্ধ ৰাইজে ঘেৰাও কৰিলে বন বিভাগৰ কৰ্মীক ।

Buffalo attack at Jonai
জোনাইত ম'হৰ আক্ৰমণত নিহত মহিলা
author img

By

Published : Dec 10, 2022, 6:41 PM IST

জোনাইত ম'হৰ আক্ৰমণত নিহত মহিলা

জোনাই, ১০ ডিচেম্বৰ: ধেমাজি জিলাৰ জোনাইৰ ডেকাপাম আমলখি পাইট গাঁৱত শনিবাৰে পুৱা ৯-৩০ বজাত ম'হৰ আক্ৰমণত ৰিন্টুমণি পাতিৰ নামৰ এগৰাকী ৪৫ বছৰীয়া মহিলা নিহত হয় (Buffalo attack at Jonai)। জানিব পৰা মতে,পুৱা পথাৰলৈ ধান‌ দাবলৈ মহিলাগৰাকী ঘৰৰ পৰা ওলাব লওঁতেই ঘৰৰ এচুকৰ পৰা দুটা ম'হে ওলায় আহি ঘৰৰ চোতালতে আক্ৰমণ কৰে । ফলত মহিলাগৰাকী থিতাতে নিহত হয় ।

উক্ত ঘটনাটো সংঘটিত হোৱাৰ পিছতেই ৰাইজে চিমেন চাপৰি আৰক্ষীক খৱৰ দিয়ে । পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ম'হটো খেদিবলৈ চেষ্টা কৰে যদিও সময়লৈকে সফল হ'ব পৰা নাই । ইপিনে,আবেলিলৈকে জোনাই মহকুমা বন বিভাগৰ কোনো লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বৰ্তমান ঘটনাস্থলীত ম'হৰ আক্ৰমণক লৈ ৰাইজৰ মাজত আতংকময় পৰিৱেশে বিৰাজ কৰিছে । ম'হ দুটা বনৰীয়া ম'হ বুলি ৰাইজে সন্দেহ কৰিছে ।

ইপিনে,পুৱাৰ ভাগতে হোৱা ঘটনাৰ ৫ ঘন্টা সময় উকলি যোৱাৰ পিছতো বন বিভাগৰ কৰ্মী ঘটনাস্থলীত সময়মতে উপস্থিত নোহোৱাত উত্তপ্ত হৈ পৰিছে জোনাই তেলামত । ঘটনাস্থলীত গঞা ৰাইজে বন বিভাগৰ কৰ্মীক আগুৰি ধৰি বিভিন্ন শ্ল'গানেৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অতি শীঘ্ৰে ধেমাজি জিলা বন বিভাগৰ ওপৰত উচিত তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক:Bimal Bara inaugurates football tournament: জাঁজীত আমন্ত্ৰণমূলক দিবা-নৈশ ফুটবল উপভোগ কৰিলে মন্ত্ৰী বিমল বড়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.