ধেমাজি, ৬ মাৰ্চ: ব'হাগ বিহুৰ প্ৰাক্ক্ষণত অসম চৰকাৰে বহিঃৰাজ্যৰ মেচিনত প্ৰস্তুত কৰা গামোচাকে ধৰি মেখেলা -চাদৰ অসমৰ কাপোৰৰ বিপনীত বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত বিভিন্ন স্থানত সংশ্লিষ্ট বিভাগ আৰু প্ৰশাসনৰ লোকে বিভিন্ন বিপনীৰ পৰা গামোচা আদি জব্দ কৰিছে (Powerloom Gamochas ban in Assam)। এই খবৰে ৰাজ্যৰ প্ৰতিগৰাকী শিপিনীৰ মুখলৈ কঢ়িয়াই আনিছে হাঁহি ৷ এইক্ষেত্ৰত ধেমাজি নগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ লগতে গ্ৰামাঞ্চলৰ শিপিনীসকলে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ৷ কিন্তু এতিয়াও তেওঁলোকৰ যেন সংশয় আঁতৰা নাই ৷ কাৰণ বিগত সময়চোৱাত এনেদৰে চৰকাৰে মাজে মাজে ঘোষণা কৰে যদিও পৰৱৰ্তী পৰ্যায়ত এইবোৰ ফুটুকাৰ ফেনত পৰিণত হয় ।
বিভিন্ন ঠাইত কাপোৰৰ দোকানত সংশ্লিষ্ট বিভাগে অভিযান চলাই বেনাৰসী কাপোৰকে ধৰি বহিৰাগত গামোচা জব্দ কৰি সাময়িকভাৱে চমক সৃষ্টি কৰাৰ পিছতে পুনৰ হুৰা হুৰে বহিৰাগত মেচিনত বোৱা গামোচাকে বিক্ৰী কৰা পৰিলক্ষিত হয় বুলি কেইবাগৰাকী শিপিনীয়ে ক্ষোভেৰে কয় (Assamese Weaver fight Handloom vs Powerloom) ৷ বিশেষকৈ ধেমাজি জিলাৰ মাছখোৱা অঞ্চলত বহু শিপিনীয়ে চৰকাৰী উপযুক্ত সা- সুবিধাৰ পৰা বঞ্চিত হোৱা সত্বেও ঘৰতে তাঁতশালতে গামোচা,চাদৰ, মেখেলা প্ৰস্তুত কৰি সেয়া বিক্ৰি কৰি পৰিয়াল পোহপাল দি আহিছে । ইয়াৰ পিছতো তেওঁলোকে সদায় উচিত মূল্যৰ পৰা বঞ্চিত হৈ আহিছে বুলি ক্ষোভেৰে কয় ৷ কাৰণ বহিৰাগত মেচিনত বোৱা গামোচাখন কম মূল্য়তে ৰাইজে ক্ৰয় কৰিব পাৰে ।
ইয়াৰ বিপৰীতে থলুৱা শিপিনীয়ে তাঁতশালত প্ৰস্তুত কৰা উৎকৃষ্ট গামোচাখন কম দামত বিক্ৰী কৰিব নোৱাৰে ৷ ফলত অসমৰে একাংশ ব্যৱসায়ী আৰু দল সংগঠনে কম মূল্যত বহিৰাগত নিম্নমানৰ গামোচাখনকে ক্ৰয় কৰি প্ৰকাৰন্তৰে নিজৰ স্বাভিমানৰ গামোচাখনকে এলাগী কৰাত ইন্ধন যোগাই আহিছে বুলি তেওঁলোকে কয় ৷ উল্লেখ্য যে ধেমাজিতো প্ৰশাসনে এতিয়ালৈকে অভিযান চলাই ধেমাজি ৰাজহ চক্ৰত বহিৰাগত মেচিত প্ৰস্তুত কৰা 242 খন গামোচা আৰু চাদৰ মেখেলাৰ 6টা ছেট জব্দ কৰে (Assam govt ban on Powerloom textiles)।
তেওঁলোকে কয় যে ৰাজ্যৰ শিপিনীসকলে থলুৱা বজাৰখন লোৱাৰ ক্ষেত্ৰত পাৱাৰলুমৰ বস্ত্ৰৰ বাবে ভুগি আহিছে প্ৰত্যাহ্বান ৷ বিশেষকৈ বহিঃৰাজ্যৰ পৰা অহা বয়ন সামগ্ৰীয়ে বজাৰত দপদপনি চলোৱাত লোকচানৰ মুখামুখি হৈ আহিছিল অসমৰ থলুৱা শিপিনীসকল ৷ তেওঁলোকে মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াভাৱে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে ।