ETV Bharat / state

ধেমাজিত মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিলে প্ৰশাসনে

ধেমাজিত এতিয়াৰে পৰা সকলোৱে মানি চলিব লাগিব লক ডাউনৰ সকলো নীতি-নিয়ম । মাস্ক পৰিধান নকৰা লোকক জৰিমনা বিহিব প্ৰশাসনে ৷ এতিয়াৰে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰাৰ লগতে সামাজিক দূৰত্ব বজাই নৰাখা লোকৰ বিৰুদ্ধে কঠোৰতম শাস্তি দিব আৰক্ষী প্ৰশাসনে ৷

ETV BHARAT
সাৱধান! ধেমাজিত অধিক কঠোৰ আৰক্ষী প্ৰশাসন
author img

By

Published : May 26, 2020, 10:22 AM IST

ধেমাজি,26 মেঃ সমগ্ৰ ৰাজ্যত কৰ'ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধিৰ লগে লগে চৰকাৰ প্ৰশাসনৰ লগতে স্বাস্থ্য বিভাগ অধিক তৎপৰ হৈ পৰিছে ৷ ইতিমধ্যে চৰকাৰ প্ৰশাসনে জাৰি কৰিছে কেত বোৰ নীতি-নিৰ্দেশনা ৷ ঠিক একেদৰে ধেমাজিতো অধিক তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন ৷ চাৰিগৰাকীকৈ লোকৰ শৰীৰৰত কোভিড-১৯ চিনাক্ত হোৱাৰ পিছত হাহাকাৰ লাগিছে ধেমাজি জিলা প্ৰশাসনৰ মাজত ।

সাৱধান! ধেমাজিত অধিক কঠোৰ আৰক্ষী প্ৰশাসন

ইতিমধ্যে প্ৰশাসনে লক ডাইন সন্দৰ্ভত সকলো ৰাইজক মাস্ক পিন্ধাটো বাধ্যতামূলক কৰিছে প্ৰশাসনে । সেয়ে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন । এতিয়াৰে পৰা ধেমাজিত যিকোনো ব্যক্তি ঘৰৰ বাহিৰলৈ ওলালেই মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে । লগতে সামাজিক দূৰত্ব মানি চলাটো অত্যন্ত জৰুৰী হিচাপে বিবেচনা কৰিছে । এনে নিয়ম অমান্য কৰাসকলৰ বিৰুদ্ধে এইবাৰ অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি সাংবাদিকৰ আগত সদৰি কৰে ধেমাজি জিলা আৰক্ষী অধীক্ষক ডা0 ধনঞ্জয় ঘানাৱাটে ।

লগতে পঢ়ক- পুনেৰ পৰা অসমলৈ অহা বিশেষ শ্ৰমিক ৰে'লত হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.