ETV Bharat / state

গছৰ ডাল-পাতেৰে জীয়াঢলৰ খহনীয়া ৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ

author img

By

Published : Jul 11, 2020, 5:18 AM IST

গছৰ ডাল-পাতেৰে জীয়াঢলক প্ৰতিৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ । জীয়াঢল, গাই নদীয়ে বিপদ মাতিছে ধেমাজিলৈ ৷

embankment erosion
embankment erosion

ধেমাজি, 10 জুলাই : ৰাজ্যত অব্যাহত আছে বানৰ তাণ্ডৱ ৷ বিশেষকৈ নৈ পৰীয়া অঞ্চল সমূহত এতিয়া বানৰ কৱলত পৰি হাহাকাৰ কৰিব লগীয়া হৈছে ৰাইজে ৷ ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে প্ৰতি বাৰিষাৰ দৰে এইবাৰো প্লাৱিত কৰিছে ইয়াৰ দুয়োপাৰ ৷ তাৰ মাজতে মূষলধাৰ বৰষুণৰ ফলত নৈৰ জলপৃষ্ঠ অধিক বৃদ্ধি পাবলৈ ধৰিছে, যিয়ে চিন্তাত পেলাইছে নৈ পৰীয়া জনসাধাৰণক ৷

ধাৰাবাহিক প্ৰৱল বৰষুণৰ ফলত ধেমাজি জিলাত ঠায়ে ঠায়ে বান পৰিস্থিতি ক্ৰমাৎ জটিল হৈ পৰিছে । জিলাখনৰ জীয়াঢল, গাই, ৰাই আদি নৈয়ে তীব্ৰ ভয়াবহ ৰূপ ধাৰণ কৰিছে । নিতৌ প্লাৱিত কৰিছে ন ন অঞ্চল । ইফালে বাৰিষাৰ বৰষুণৰ প্ৰতিকূল বতৰতে জীয়াঢল অঞ্চলৰ তিনিঘৰীয়াত জীয়াঢলৰ গতি প্ৰতিৰোধৰ বাবে বৃথা প্ৰচেষ্টা অব্যাহত ৰাখিছে সংশ্লিষ্ট বিভাগে ।

গছৰ ডাল-পাতেৰে জীয়াঢলৰ খহনীয়া ৰোধৰ চেষ্টা জলসম্পদ বিভাগৰ

গছৰ ডাল-পাত , বাঁহ আৰু ক্ষুদ্ৰ ক্ষুদ্ৰ বস্তাৰে এতিয়া বান প্ৰতিৰোধৰ বাবে চলোৱা হৈছে জোৰদাৰ প্ৰচেষ্টা । সেয়ে বাৰিষাৰ সময়ত সংশ্লিষ্ট বিভাগৰ এনে তৎপৰতাক লৈ অসন্তুষ্ট হৈ পৰিছে স্থানীয় বানাক্ৰান্ত । খৰালি নিদ্ৰামগ্ন হৈ কেৱল কমিচনৰ হিচাপ নিকাচত ব্যস্ত থকা জলসম্পদ বিভাগৰ সম্বিত ঘুৰি আহে কেৱল বাৰিষাৰ মথাউৰি ভাঙি মানুহ আৰু ঘৰ দুৱাৰ ডুব যোৱাৰ পাচত । সেয়ে এনে অস্থায়ী কামৰ পৰা কোনোমতে ৰাইজ সুৰক্ষিত নহয় বুলি মন্তব্য কৰিছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : কৰ'ণাত মৃত লোকক সৎকাৰৰ দায়িত্ব চৰকাৰৰ পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.