ধেমাজি , ৩১ জানুৱাৰী : সমগ্ৰ ৰাজ্য়জুৰি পালন কৰা হৈছে মে-ডাম-মে-ফী । ধেমাজি জিলাৰো ভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে আহোম সম্প্ৰদায়ৰ পৰম্পৰাগত এই উৎসৱ । পবিত্ৰ দিনটোতে ধেমাজিৰ বিধায়ক ডা: ৰণোজ পেগুৱে মুকলি কৰে খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰ ।
১১৩নং ধেমাজি বিধান সভা সমষ্টিৰ বিধায়ক পুঁজিৰ পৰা আবন্টিত দুই লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা হৈছে পশ্চিম ধেমাজিৰ খলিহামাৰী টাই কৃষ্টি বিকাশ কেন্দ্ৰটি । স্থানীয় বিধায়ক গৰাকীয়ে কেন্দ্ৰটো উদ্বোধন কৰি সমবেত স্থানীয় ৰাইজক পৱিত্ৰ মে-ডাম-মে-ফীৰ শুভেচ্ছা জনায় ৷
লগতে পঢ়ক :ডিফুৰ হােৱাইট ড'ভ চছাইটীৰ উদ্যোগত মাৰাথন প্রতিযােগিতা