ETV Bharat / state

Flood at Jonai: জোনাইত বানৰ সংহাৰী ৰূপ - Flood at Jonai

ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ কেবাটাও অঞ্চল বানত বুৰ গৈছে (Various parts of Dhemaji District inundated)৷ বানত ঘৰ দুৱাৰ বুৰ যোৱাৰ ফলত খাবলৈ খাদ্য সামগ্ৰী শেষ হোৱাৰ লগতে পশুধনসমূহৰ বিলাই বিপত্তি নোহোৱা হৈছে ৷ আনকি অঞ্চলটোত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে গাঁওবাসীয়ে ৷

Worst Flood situation at Jonai
জোনাইত বানৰ সংহাৰী ৰূপ
author img

By

Published : Oct 11, 2022, 2:16 PM IST

জোনাই, 11 অক্টোবৰ: পুনৰ বানৰ কবলত ধেমাজি জিলা (Flood in Dhemaji)৷ ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে জোনাইৰ কেবাটাও অঞ্চলত বানত বুৰ গৈছে (Flood at Jonai)৷ বিগত দিনকেইটাতা জিলাখনত মুষলধাৰ বৰষুণ হৈ থকাৰ ফলত জীয়াঢল আৰু নিউ ছিয়াং নদী ফেনে ফুটুকাৰে বাঢ়ি আহিছে ৷

জোনাইৰ ৰামধন দিখাৰী আৰু তেলাম পঞ্চায়তৰ এক বৃহৎ অঞ্চলৰ আবতৰীয়া বানে বুৰাই পেলাইছে কেবাখনো গাঁও ৷ বাঢ়নী পানীত ডুব গৈছে ঘৰ-বাৰী, কৃষিভূমি, বাট পথ সকলো ৷ বানত ঘৰ দুৱাৰ বুৰ যোৱাৰ ওপৰিও খাবলৈ খাদ্য সামগ্ৰী শেষ হোৱাৰ লগতে পশুধনসমূহৰ বিলাই বিপত্তি নোহোৱা হৈছে ৷ আনকি অঞ্চলটোত এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে গাঁওবাসীয়ে (Various parts of Dhemaji District inundated) ৷

জোনাইত বানৰ সংহাৰী ৰূপ

ইফালে ৰাস্তা পথসমূহ ছিগি যোৱাৰ ফলত গাঁওবাসীয়ে বহিজগতৰ সৈতে কোনোধৰণৰ যোগাযোগ সম্পন্ন কৰিব পৰা নাই ৷ চৰকাৰ তথা স্থানীয় প্ৰশাসনৰ পৰা কোনোধৰণৰ সা-সুবিধা নোপোৱাৰো অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে ৷

ইফালে জীয়াঢলৰ নদীৰ কাংকু সূঁতিয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত ৰাস্তা-ঘাট, বিদ্যালয়, ঘৰ-দুৱাৰ বুৰাই পেলাইছে (Worst Flood situation in Dhemaji)৷ ধেমাজিত আবতৰীয়া বানৰ সংহাৰ বিগত দুদিন ধৰি জীয়াঢল চাৰিআলিৰ পৰা ৰে’লৱে ষ্টেচনলৈ যোৱা পথটো বুৰাই পেলোৱাত অঞ্চলটোৰ লোকসকলৰ যাতায়াত বিঘ্নিত হৈ পৰিছে ৷ পথৰ ওপৰত থকা বাঁহৰ দলংখনৰো অৱস্থা তথৈবচ হৈ পৰিছে ৷ যাৰ ফলত বিদ্যালয়লৈ অহা যোৱা কৰা ছাত্ৰ-ছাত্ৰীয়ে অভাৱনীয় সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

এই বানত জীয়াঢল চাৰিআলিৰ নলামুখ, ভজুগাঁও, চেঁচাসহ দিহিৰি চাপৰি আদিকে ধৰি কেইবাখন গাঁও প্লাৱিত কৰিছে ৷ ইপিনে এই বানে কৃষকৰ ৰবি শস্যৰ খেতি নষ্ট কৰাৰ লগতে আগন্তুক সময়ত শালি খেতিও ক্ষতি কৰাৰ আশংকা প্ৰৱল হৈ পৰিছে ৷ যাৰ ফলত বানাক্ৰান্তৰ কৃষকে আহিনীয়া বানক লৈ অতিশয় উদ্বিগ্ন হৈ পৰিছে ৷

ইফালে অঞ্চলটোত থকা বিদ্যালয়খন পানীত বুৰ যোৱা স্বত্বেও বিভাগীয় কৰ্তৃপক্ষৰ নিৰ্দেশনাত পাঠদান কৰি থকা হৈছে ৷

লগতে পঢ়ক: ধেমাজিত আবতৰীয়া বানৰ সংহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.