ETV Bharat / state

ধেমাজিৰ সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশত সৰ্বাানন্দ সোণোৱাল

ধেমাজিত সদৌ অসম সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনত ৷ উখল-মাখল পৰিৱেশ অধিৱেশনস্থলীত ৷ হালধীয়া-গাঢ় সেউজীয়াত আচ্ছন্ন চৌদিশ ৷

sonowal kachari student union dhemaji
সোণোৱাল কছাৰী ছাত্ৰ সন্থা
author img

By ETV Bharat Assamese Team

Published : Jan 6, 2024, 9:42 PM IST

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ অধিৱেশত সৰ্বানন্দ সোণোৱাল

ধেমাজি, 6 জানুৱাৰী : শনিবাৰে অন্ত পৰিল সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বি-বাৰ্ষিক অধিৱেশনৰ ৷ শুকুৰবাৰৰ পৰা দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হোৱা উক্ত অধিৱেশনৰ শনিবাৰে অন্তিম দিনা ধেমাজি বাটঘৰীয়াৰ ধনবৰচলা ক্ষেত্ৰ উৎসৱমুখৰ হৈ পৰে ৷

পৰম্পৰাগত পোচাকৰ হালধীয়া আৰু সেউজীয়া গাঢ় ৰঙে আছন্ন কৰি ৰাখে অধিৱেশনস্থলীৰ চৌপাশ ৷ শনিবাৰে অন্তিম দিনা দুপৰীয়া বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় ৷ সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ জাত জাত নাম গাই সহস্ৰাধিক পুৰুষ-মহিলাই অংশ লয় শোভাযাত্ৰাত ৷ উক্ত শোভাযাত্ৰা অংশগ্ৰহণ কৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে ।

ইয়াৰ পিচতে সদৌ অসম সোণোৱাল-কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি মৃদুপৱন সোণোৱালৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয় ৷ আদৰণি ভাষণ আগবঢ়ায় অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি টংকেশ্বৰ সোণোৱালে ৷ সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেবানন্দ চেলেং, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সম্পাদক পৰীক্ষিত সোনোৱালকে ধৰি ভালেসংখ্যক গন্যমান্য ব্যক্তি ৷

মুখ্য অতিথিৰ ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে একবিংশ শতিকাত উঠি অহা ছাত্ৰ-ছাত্ৰীসকলক কৰ্ম-সংস্কৃতিৰ যোগেদি নিজৰ যোগ্যতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায় । ইয়াৰোপৰি দিল্লী-দিছপুৰৰ যৌথ প্ৰচেষ্টাত ৰাজ্যখনৰ উত্তৰ-দক্ষিণ পাৰৰ উন্নয়ন হৈছে বুলি কয় ৷

উক্ত সভাতে অধিৱেশনৰ মুখপত্ৰ ‘সোণচেকুৰা’ উন্মোচন কৰা হয় ৷ বিয়লি জনগোষ্ঠীটোৰ ৭ হাজাৰ নাচনীয়ে একেলগে লেচেৰী নৃত্য প্ৰদৰ্শন কৰে ৷

লগতে পঢ়ক: বড়ো মাধ্যমৰ ষষ্ঠ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে বৰ্জন কৰিলে গুণোৎসৱ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.