ETV Bharat / state

BTR Agreement: উত্তৰ পূৱৰ গৃহ সচিবৰ সৈতে আলোচনা ইউবিপিঅ’ এবছুৰ - UBPO ABSU discuss with North East Home Secretary

বিটিআৰ চুক্তি শীঘ্ৰে ৰূপায়ণ কৰা সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্স যোগে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বৰ গৃহ সচিবৰ সৈতে আলোচনা ইউবিপিঅ’,এবছুৰ (UBPO ABSU discuss with North East Home Secretary) ৷

UBPO ABSU discuss with North East Home Secretary via video conference
BTR Agreement: ভিডিঅ’ কনফাৰেন্স যোগে উত্তৰ পূৰ্বৰ গৃহ সচিবৰ সৈতে আলোচনা ইউবিপিঅ’ এবছুৰ
author img

By

Published : Oct 21, 2022, 1:11 PM IST

জোনাই, 21 অক্টোবৰ: বিটিআৰ চুক্তি শীঘ্ৰে ৰূপায়ণ কৰা সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্স যোগে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বৰ গৃহ সচিবৰ সৈতে আলোচনা ইউবিপিঅ’,এবছুৰ (UBPO ABSU discuss with North East Home Secretary)৷ বৃহস্পতিবাৰে তৃতীয় বড়ো শান্তি চুক্তিৰ দফা সমূহ তৎকালীনভাৱে কাৰ্য্যকৰী কৰিবলৈ সংযুক্ত বড়ো গণ মঞ্চ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বৰ গৃহ সচিবৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আলোচনা অনুষ্ঠিত কৰা হয়।

ভিডিঅ’ কনফাৰেন্স যোগে উত্তৰ পূৰ্বৰ গৃহ সচিবৰ সৈতে আলোচনা ইউবিপিঅ’ এবছুৰ

গুৱাহাটীৰ জনতা ভৱনত অনুষ্ঠিত ভিডিঅ কনফাৰেন্সত নতুন দিল্লীৰ পৰা অংশগ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ পূৰ্বৰ গৃহ সচিব পিয়ুজ গোৱেল, অসম চৰকাৰৰ হৈ অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক,শক্তি আদি বিভাগৰ প্ৰধান সচিব নিৰজ বাৰ্মা, অসম চৰকাৰৰ গৃহ বিভাগৰ যুটীয়া সচিব, বিটিচিৰ প্ৰধান সচিব, বড়োলেণ্ড কল্যাণ বিভাগৰ প্ৰধান সচিব আৰু সংযুক্ত বড়ো গণ মঞ্চৰ সভাপতি মনোৰঞ্জন বসুমতাৰী,সাধাৰণ সম্পাদক পিতাম্বৰ ব্ৰহ্ম, সহকাৰী সাধাৰণ সম্পাদক অমিত কুমাৰ বসুমতাৰী, সম্পাদক অভিৰাম বড়ো, নিখিল বড়ো ছাত্র সন্থাৰ উপ সভাপতি খোৰৌমদাও ওৱাৰী উপস্থিত থাকে ৷

ভিডিঅ’ কনফাৰেন্স জৰিয়তে অনুষ্ঠিত হোৱা আলোচনাত তৃতীয় বড়ো শান্তি চুক্তিৰ ৫.৩ দফা অনুসৰি অসম চৰকাৰৰ অনুসূচিত জনজাতিৰ তালিকাত অন্তৰ্ভুক্ত আৰু অন্য বনাঞ্চলত পৰম্পৰাগতভাৱে থকা লোকসকলক ২০০৬ বন অধিকাৰ আইন অনুসৰি বিটিএডিৰ বাহিৰত ৰৈ যোৱা লোকসকলক থাকিবলৈ অধিকাৰ প্ৰদান কৰিবলৈ আৰু আৰু তৃতীয় বড়ো শান্তি চুক্তিৰ ৬.৩ দফা অনুসৰি অসম চৰকাৰে বিটিএডিৰ অধীনৰ অমঞ্জুৰীপ্ৰাপ্ত বড়ো ভাষাৰ বিদ্যালয় আৰু মহাবিদ্যালয় আৰু বিটিএডিৰ বাহিৰৰ বড়ো ভাষাৰ বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ প্ৰয়োজন সাপেক্ষে মঞ্জুৰীপ্ৰাপ্ত কৰাৰ লগতে বিটিএডিৰ বাহিৰৰ মহাবিদ্যালয় সমূহত বড়ো ভাষাৰ প্ৰৱক্তা নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে ৷

ইয়াৰোপৰি তৃতীয় বড়ো শান্তি চুক্তিৰ কাৰ্য্যকৰী নকৰা অন্যান্য দফা সমূহ তৎকালীনভাৱে ৰূপায়ণ কৰিবলৈ বড়ো জাতীয় সংগঠন দুটাৰ প্ৰতিনিধি সকলে দাবী জনায় ৷

লগতে পঢ়ক: Burhastriya of barpeta satra: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ আশু আৰোগ্য কামনা কৰি প্ৰাৰ্থনা সত্ৰবাসীৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.