ETV Bharat / state

জোনাইত একেটা স্থানতে দুটাকৈ পথ দুৰ্ঘটনা

author img

By

Published : May 6, 2021, 11:18 AM IST

জোনাইত নিয়ন্ত্ৰণ হেৰুৱাই একে স্থানতে দুটাকৈ পথ দুৰ্ঘটনা । জোনকাৰেং সমীপত ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় পথ দুৰ্ঘটনাটো । চাৰিচকীয়া বাহন আৰু এখন ট্ৰেক্টৰে নিয়ন্ত্ৰণ হেৰুৱাত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় ।

two road accident in same place at jonai
জোনাইত একেটা স্থানতে দুটাকৈ পথ দুৰ্ঘটনা

জোনাই, ৬ মে': বুধবাৰে ধেমাজি জিলাৰ জোনাইৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । জোনকাৰেং সমীপত ৰাষ্ট্ৰীয় ঘাইপথত নিয়ন্ত্ৰণ হেৰুৱাই সংঘটিত হয় পথ দুৰ্ঘটনা দুটা । একে স্থানতে পূৰ্বে এখন ট্ৰেক্টৰ আৰু পৰৱৰ্তী সময়ত এখন চাৰিচকীয়া বাহন নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলত সংঘটিত হয় দুৰ্ঘটনা দুটা ।

আই টুৱেন্টিখন দুৰ্ঘটনাগ্ৰস্থ হোৱাৰ বাতৰি লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতে বাগৰি থকা ট্ৰেক্টৰখন উদ্ধাৰ কৰে ৷ দুৰ্ঘটনা দুটাত কোনো লোক হতাহত হোৱা নাই যদিও ঘনাই একেটা স্থানতে দুটাকৈ দুৰ্ঘটনা সংঘটিত হোৱাত স্থানীয় ৰাইজ চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়ক: চাপৰত আটক দুই ড্ৰাগছ ব্যৱসায়ী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.