জোনাই, 15 জুলাই : ধেমাজি জিলাৰ জোনাইত পৃথক পৃথক দুটা স্থানত পানীত পৰি মৃত্যু হোৱা দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণী মতে প্ৰথমটো ঘটনাত শনিবাৰে জোনাইৰ গালীঘাট মাজখোৱাৰ 50 বছৰীয়া প্ৰেমানন্দ বৰুৱা নামৰ এজন লোকে মুনমুনি চেঞ্চু নামৰ গাঁৱলৈ মুগা পালনৰ উদ্দেশ্য গৈছিল ৷ কিন্তু লোকজনে যোৱাৰ সময়ত চেঞ্চু নলা সাঁতুৰি পাৰ হ’বলৈ লওঁতেই দুৰ্ভাগ্যৱশতঃ পানীত পৰে ৷ পানীত পৰাৰ পিচতেই মৃত্যু হৈছিল লোকজনৰ ৷
এই ঘটনা প্ৰত্য কৰিয়েই প্ৰত্যক্ষদৰ্শীয়ে স্থানীয় ৰাইজক ততালিকে খবৰ দিয়ে ৷ লগে লগে গাঁৱৰ ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় তিনি ঘণ্টা ধৰি অভিযান চলোৱাৰ পিচত লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ লোকজনৰ মৃত্যত গাঁওখনত শোকৰ ছাঁ পৰিছে ৷
ইফালে অসম-অৰুণাচল সীমান্তৰ ঐৰামঘাটৰ চিয়াং নদীৰ মাজত অৱস্থিত এক নম্বৰ চাপৰিত উদ্ধাৰ হয় এগৰাকী অচিনাক্ত মহিলাৰ মৃতদেহ ৷ জানিব পৰামতে, শুকুৰবাৰে বিয়লি স্থানীয় কেইজনমান মাছমৰীয়াই মৃতদেহটো প্ৰত্যক্ষ কৰি জোনাই আৰক্ষীক খবৰ দিয়ে ৷ শনিবাৰে জোনাই আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমণ বাহিনীয়ে অভিযান চলাই অৰ্ধউলংগ আৰু অৰ্ধগলিত অৱস্থাত উদ্ধাৰ কৰে মহিলাৰ অচিনাক্ত মৃতদেহটো ৷ উদ্ধাৰ কৰা অচিনাক্ত মহিলাৰ মৃতদেহটো সীমান্তৰ অৰুণাচলৰ পৰা উটি অহাৰ সন্দেহ প্ৰকাশ কৰিছে প্ৰতক্ষ্যদৰ্শীয়ে ৷
এতিয়ালৈ মহিলাগৰাকীৰ মৃতদেহটো চিনাক্ত কৰিব পৰা নাই ৷ আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত বাঢ়নি পানীত পৰি লোকৰ মৃত্যুৰ হোৱাৰ খবৰ প্ৰকাশ হৈ আহিছে ৷
লগতে পঢ়ক: Minor Rape: কিশোৰীক ধৰ্ষণ কৰি অন্তঃসত্বা কৰিলে 50 ৰ উৰ্ধ্বৰ ব্যক্তিয়ে