ETV Bharat / state

জীয়াঢলৰ শুকান বালিময় মৰুভূমিত সৃষ্টি হৈছে মৰুদ্যান - ধেমাজি বন সংমণ্ডল প্ৰাধিকাৰী

ধেমাজি বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ে APFBC আঁচনিৰ অধীনত বিগত ২০১৬ -১৭ বৰ্ষত আৰম্ভ কৰিছিল জীয়াঢল বনাঞ্চলৰ পঞ্চাশ হেক্টৰ ভূমিত বহু মূল্যৱান গছপুলি ৰোপণ আঁচনি ৷ এই গছপুলি ৰোপণ আঁচনিৰ অধীনত উত্তৰ ধেমাজি জীয়াঢলৰ সংৰক্ষিত মৰুভূমি সদৃশ অঞ্চলত মৰুদ্যান সৃষ্টি হৈছে ৷ বৰ্তমান অঞ্চলটো বট, মান,আজাৰ, গমাৰি, খয়েৰ, শিলিখা, শিশু,উৰিয়াম আদিকে ধৰি বহু মূল্যবান সেউজীয়া গছৰে আচ্ছন্ন হৈ পৰিছে ৷

tree-plantation-scheme-in-dhemaji-make-sandy-land-forested
ধেমাজিত জীয়াঢলৰ শুকান বালিময় মৰুভূমিত মৰুদ্যান সৃষ্টি
author img

By

Published : May 9, 2021, 7:16 PM IST

ধেমাজি, 9মে': উত্তৰ ধেমাজি জীয়াঢলৰ সংৰক্ষিত এটা মৰুভূমি সদৃশ অঞ্চলত মৰুদ্যান সৃষ্টি হৈছে ৷ শুকান বালিত লহপহকৈ বাঢ়ি অহা গছপুলিবোৰ এতিয়া একোজোপা বৃক্ষলৈ ৰূপান্তৰিত হৈছে ৷ উল্লেখ্য যে, ধেমাজি বন বিভাগৰ অধীনত থকা জীয়াঢল সংৰক্ষিত বনাঞ্চলখনৰ বহু এলেকা অতি শুকান যাৰ বাবে গছ ৰোপণ কৰিলেও গছপুলি ডাঙৰ দীঘল হোৱাটো অত্যন্ত প্ৰত্যাহ্বানমূলক আছিল ৷

ধেমাজিত জীয়াঢলৰ শুকান বালিময় মৰুভূমিত মৰুদ্যান সৃষ্টি

তৎসত্বেও ধেমাজি বন সংমণ্ডল প্ৰাধিকাৰীৰ কাৰ্যালয়ে APFBC আঁচনিৰ অধীনত বিগত ২০১৬ -১৭ বৰ্ষত আৰম্ভ কৰিছিল জীয়াঢল বনাঞ্চলৰ পঞ্চাশ হেক্টৰ ভূমিত বহু মূল্যৱান গছপুলি ৰোপণ আঁচনি ৷ বৰ্তমান অঞ্চলটো বট, মান, আজাৰ, গমাৰি, খয়েৰ, শিলিখা, শিশু,উৰিয়াম আদিকে ধৰি বহু মূল্যবান সেউজীয়া গছৰে আচ্ছন্ন হৈ পৰিছে ৷ বিগত সময়বোৰত জীয়াঢল বনাঞ্চলক এচাম লোকে ধংস গৰাহলৈ ঠেলি দিছিল যদিওঁ ধেমাজি জিলা বন বিভাগটোৱে ৰূপায়ণ কৰা এই আঁচনিখনৰ লগত জড়িত প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীৰ একাগ্ৰতাৰ বাবেই মৰুভূমি সদৃশ অঞ্চলটোৰ এটা অংশ পুনৰ অৰণ্যলৈ ৰূপান্তৰিত হৈছে ৷

মন কৰিবলগীয়া যে, যি সময়ত বনবিভাগৰ একাংশ কৰ্মীৰ অদূৰদৰ্শিতাত বনজ সম্পদ অসাধু চক্ৰই গোপনে মিতিৰালি কৰি লুণ্ঠনৰাজ অব্যাহত ৰাখিছে তেনেসময়ত ধেমাজি বন বিভাগৰ দায়িত্ববোধক শলাগিছে স্থানীয় ৰাইজে ৷ ইফালে এই সন্দৰ্ভত ধেমাজি বন সংমণ্ডল বিষয়াগৰাকীয়ে কয় যে, জীয়াঢল বনাঞ্চলৰ বহু এলেকা অতি শুকান তথা বালিময় হোৱাৰ পিছতো ধেমাজি জিলা বন বিভাগে এই নতুন বনানিকৰণ প্ৰকল্পটোক প্ৰত্যাহ্বান হিচাপে লৈছিল ৷ বনাঞ্চলখনৰ বৰ্তমানৰ পৰিবেশে বিভাগটোৰ বিষয়া ক্ষেত্ৰ কৰ্মী সকলোৰে মাজত আশাৰ সঞ্চাৰ কৰিছে ৷

লগতে পঢ়ক : টীয়কৰ বৈদহা চাহ বাগিচাত বন্যহস্তীৰ তাণ্ডৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.