ETV Bharat / state

TMPK Tree plantation programme : গৰাখহনীয়া ৰোধৰ বাবে বৃক্ষৰোপণ কাৰ্যসূচী - Tree plantation by TMPK

TMPK ৰ উদ্যোগত বহ্মপুত্ৰৰ কাৰেং চাপৰিত গছপুলি ৰোপণৰ বাবে প্ৰস্তুতি ৷ সংগঠনটোৰ শ্বহীদ দিৱস আৰু বিশ্ব ধৰিত্ৰী দিৱসৰ সৈতে সংগতি ৰাখি বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ছাত্ৰ সংগঠনটোৱে (Tree plantation programme by TMPK) ৷

Tree plantation by TMPK
TMPK ৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী
author img

By

Published : Apr 11, 2023, 10:26 AM IST

TMPK ৰ উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী

ধেমাজি, 11 এপ্ৰিল : ধেমাজি জিলাৰ অন্যতম এটি মিচিং ছাত্ৰ সংগঠন টাকাম মিচিং প’ৰিন কেবাং চমুকৈ TMPK ৰ উদ্যোগত জিলাখনত বৃক্ষৰোপণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠনটোৰ নেতৃত্বত MMK আৰু TMMK কেন্দ্ৰীয় সমিতিৰ সহযোগত হাতত লোৱা হৈছে এই কাৰ্যসূচীৰ ৷

ব্ৰহ্মপুত্ৰৰ নদীৰ বগীবিল দলঙৰ উত্তৰ পাৰৰ কাৰেং চাপৰিৰ ইক্‌ ৰিজ’ৰ্টৰ ১৬ শ বিঘা ভূমিত ছাত্ৰ সংগঠনটোৱে গ্ৰহণ কৰিছে এই গছপুলি ৰোপণৰ কাৰ্যসূচীৰ ৷ অৰ্জুন, এজাৰ, কৰৈ, পলাশ, শিমলুকে ধৰি বিভিন্ন ধৰণৰ মূল্যৱান গছপুলি ৰোপণ কৰাক লৈ ব্যাপক প্ৰস্তুতি গ্ৰহণ কৰিছে TMPK য়ে (Takam Mising Porin Kebang in Dhemaji) ৷

আগন্তুক ২১ এপ্ৰিলত TMPK ৰ শ্বহীদ দিৱস আৰু ২২ এপ্ৰিলত বিশ্ব ধৰিএী দিৱসৰ সৈতে সংগতি ৰাখি দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে TMPK য়ে ব্ৰহ্মপুত্ৰৰ বিশাল চাপৰিত ৰোপণ কৰিব 1 লাখ গছপুলি ৷ কাৰেং চাপৰি গাঁৱৰ ৰাইজে দান কৰা ১৬ শ বিঘা ভূমিত এই গছপুলি ৰোপণ কৰা হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷ মুখ্যতঃ মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ লগতে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ উদ্দেশ্য এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে (Tree plantation programme by TMPK) ৷

উল্লেখ্য যে, মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল চাপৰিত বিবিধ গছপুলি ৰোৱা আৰু প্ৰতিপালন কৰাক লৈ কেইবা ঠাইতো চাংঘৰৰ নিৰ্মাণ কাৰ্য চলি আছে । এই অনুষ্ঠানত অৰণ্য মানৱ যাদৱ পায়েং উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ৷ ইয়াৰোপৰি, কেইবাগৰাকীও মন্ত্ৰী-বিধায়কৰ লগতে জিলা প্ৰশাসন আৰু বিভিন্ন দল সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে অনুষ্ঠানটোলৈ (Forest man Jadav Payeng) ৷

বৰ্তমান জীৱশ্ৰেষ্ঠ মানৱে তথাকথিত উন্নয়নৰ নামত প্ৰতি নিয়ত প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলায় থকা সময়ত TMPK ৰ এনে পদক্ষেপ নিশ্চয়কৈ প্ৰশংসাৰ যোগ্য (Earth day 2023) ৷

লগতে পঢ়ক : Sangpo resort incident : উদ্ভণ্ডালি কৰি আটক হ’ল বায়ুসেনা বাহিনীৰ 5 জোৱান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.