জোনাই, 10 অক্টোবৰঃ জোনাইত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ জোনাইৰ বিজয়পুৰত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় পথ দুৰ্ঘটনাটো ৷
এখন যাত্ৰীবাহী ট্ৰেভেলাৰ্চ আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোৰ ফলত এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আনজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় ৷
নিহত বাইক আৰোহীজন চিলাপথাৰ ফুলবাৰী নিবাসী আৰ্জু কাপ্লে বুলি জানিব পৰা গৈছে ৷ নিহত কাপ্লে গোৰ্খা ছাত্ৰ সন্থাৰ চিলাপথাৰ আঞ্চলিক শাখাৰ সম্পাদক আছিল ৷ দুই বাইক আৰোহীয়ে পাছিঘাটৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো ৷
অধিক পঢ়কঃ ডিব্ৰুগড়ত ভুৱা নিযুক্তি পত্ৰৰে BCPLত চাকৰি, গ্ৰেপ্তাৰ প্ৰৱঞ্চক
বৰ্তমানে আৰক্ষীয়ে ট্ৰেভেলাৰ্চখন জব্দ কৰাৰ লগতে চালকজনক নিজৰ জিম্মাত লৈছে ৷