ETV Bharat / state

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি - সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

TOP 10 AT 7PM
সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি
author img

By

Published : Oct 20, 2021, 6:58 PM IST

১৯ টা ইছলামিক মৌলবাদী সংগঠনৰ টাৰ্গেটত আছে অসম !

যিকোনো সময়তে ইছলামিক মৌলবাদী সংগঠনে আক্ৰমণ সংঘটিত কৰিব পাৰে অসমত । ২০১৪ ৰ বৰ্ধমানৰ বোমা বিস্ফোৰণৰ পিছত পশ্চিমবংগ আৰু অসমত তলে তলে সক্ৰিয় হৈ থকা বহু কেইটা ইছলামিক মৌলবাদী সংগঠনৰ নাম কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিশ্চিত কৰিছিল ।

নগাঁৱৰ চামগুৰিত বন্যহস্তীৰ উপদ্ৰৱ ; আতংকত উজাগৰে নিশা কটাইছে গঞা ৰাইজে

চামগুৰিৰ বিভিন্ন অঞ্চলত পাঁচটা বন্যহস্তীৰ এটা জাকে নিশাৰ ভাগত নিতৌ চলাই আহিছে উপদ্ৰৱ । যোৱা কেইটা দিনত চামগুৰিৰ মাজৰআটিৰ লগতে হাঁহচৰা বৰালিগাঁৱৰ পথাৰত সন্ধিয়াৰ পৰাই বন্যহস্তী কেইটাই চলাবলৈ আৰম্ভ কৰে উপদ্ৰৱ ।

গুৱাহাটী মহানগৰীত ৪৮ ঘণ্টাৰ বাবে বন্ধ থাকিব পেট্ৰ'ল পাম্প

২২ অক্টোবৰৰ পুৱা ৬ বজাৰ পৰা ৪৮ ঘণ্টাৰ বাবে গুৱাহাটীত পেট্ৰ’ল পাম্প সমূহ বন্ধ ৰখাৰ কাৰ্যসূচী ঘোষণা কৰিছে নৰ্থ-ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ এছ’চিয়েশ্যনৰ বৃহত্তৰ গুৱাহাটী শাখাই ।

লকডাউনতে তিনি ঠাইত মাটি ল'লে সৰ্বানন্দ সোণোৱালে

কভিড-১৯ মহামাৰীৰ বাবে ঘোষণা কৰাৰ লকডাউনৰ সময়ত দেশৰ জনতাৰ আৰ্থিক অৱস্থা কেনেকুৱা হৈ পৰিছিল সেয়া সৰ্বজনবিদিত । কিন্তু এই সংকটৰ সময়তো সম্পত্তি ক্ৰয়ৰ মোহ এৰিব নোৱাৰিলে একাংশ ৰাজনৈতিক নেতা তথা মন্ত্ৰীয়ে । লকডাউনৰ সময়তে তিনি ঠাইত মাটি ক্ৰয় কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

মাজুলীত অনুষ্ঠিত হ’ল ৰাসলীলাৰ নাটমেলা পৰ্ব

লক্ষ্মী পূৰ্ণিমা উপলক্ষে মাজুলীত আজি মুকলি কৰা হ’ব আগন্তুক মহাৰাসৰ নাট ৷ পৰম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে এই নাট মেলা পৰ্ব ৷ এতিয়াৰে পৰা পৰৱৰ্তী পূৰ্ণিমালৈ সম্পূৰ্ণ এমাহ খোল-তালৰ শব্দ ৰজনজনাব মাজুলীত ৷

চিৰাঙত বনাঞ্চল ধ্বংস কৰি পাতিছে গাঁও; কাৰ স্বাৰ্থত নিমাত বিটিআৰ প্ৰশাসন ?

ইতিহাস হোৱাৰ পথত চিৰাঙৰ সংৰক্ষিত বনাঞ্চল । ৰাজনৈতিক উদ্দেেশ্য সিদ্ধিৰ বাবেই ধ্বংসৰ গৰাহলৈ ঠেলিছে বৃহত্তৰ বনাঞ্চলখন । অৰুণাচল, নাগালেণ্ড, ত্ৰিপুৰা, শোণিতপুৰ, ধেমাজিৰ পৰা আহি বেদখল চিৰাং সংৰক্ষিত বনাঞ্চলত । নিৰ্বিকাৰ বন বিভাগ । শংকিত প্ৰকৃতিপ্ৰেমী ।

আৰিয়ান খান আৰু দুই সহযোগীৰ জামিন আবেদন নাকচ

পুনৰ জামিন আবেদন নাকচ হ’ল মুম্বাইত ড্ৰাগছ পাৰ্টিৰ গোচৰত গ্ৰেপ্তাৰ আৰিয়ান খান আৰু তেওঁৰ দুই সহযোগীৰ ৷ বুধবাৰে মুম্বাইৰ NDPSৰ বিশেষ আদালতে তিনিওৰে জামিন আবেদন নাকচ কৰে ৷

আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ অস্বাভাৱিক হাৰত বৃদ্ধি; যোগাযোগ ব্যাহত

অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে আই আৰু নাঙলভাঙা নৈৰ জলস্তৰ ৷ ব্যাহত হৈ পৰিছে নাঙলভাঙা, আমটেকা, ঔগুৰি, পাটাবাৰী আদি অঞ্চলৰ যোগাযোগ ব্যৱস্থা ৷ দুদিন ধৰি ধাৰাষাৰ বৰষুণৰ ফলত ভূটানৰ পৰা নামি অহা পানীয়ে বৃদ্ধি কৰিছে নদী দুখনৰ জলস্তৰ ৷ বাঢ়নী পানীয়ে উটুৱাই নিলে মাদাৰপুৰ আৰু নাঙলভাঙাৰ বাঁহৰ দলং ৷ দুদিন পূৰ্বে নিৰ্মাণ কৰা হৈছিল দলংখন ৷ উল্লেখ্য যে, বাৰিষা নাৱেৰে আৰু খৰালি বাঁহৰ দলং নিৰ্মাণ কৰি যাতায়ত কৰে অঞ্চলকেইটাৰ ৰাইজে ৷

আগ্ৰা যোৱাৰ পথত প্ৰিয়ংকা গান্ধীৰ কনভয়ক বাধা আৰক্ষীৰ

বুধবাৰে মৃত অৰুণ বাল্মিকীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ লক্ষ্ণৌৰ পৰা আগ্ৰালৈ ৰাওনা হৈছিল কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৷ কিন্তু আগ্ৰা এক্সপ্ৰেছ হাইৱেত তেওঁৰ কনভয়ক বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷

আন্তৰ্জাতিক প্ৰকল্প Extrapolations ত দেখা যাব আদৰ্শ গৌৰৱক

অস্কাৰ বিজয়ী Meryl Streep ৰ সৈতে আন্তৰ্জাতিক প্ৰকল্প Extrapolations ৰ বাবে সাজু অভিনেতা আদৰ্শ গৌৰৱ(Adarsh Gourav) ৷ প্ৰডাকচনৰ কাম চলি থকা ছবিখনে পৃথিৱীত আহিবলগীয়া পৰিৱৰ্তনে কেনেদৰে ভালপোৱা, বিশ্বাস, কাম তথা পৰিয়ালৰ ওপৰত প্ৰভাৱ পেলাব তাৰ এক কাহিনী তুলি ধৰিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.