ETV Bharat / state

ৰামসিং চাপৰিৰ ঘটনাৰ লগত জৰিত নহয় টি এম পি কে !!

author img

By

Published : Oct 22, 2019, 8:56 AM IST

Updated : Oct 22, 2019, 12:04 PM IST

বিগত 19 অক্টোবৰত ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ সীমান্তত বহ্মপুত্ৰ নদীৰ বুকুৰ চৰ ৰামসিং চাপৰিত নিৰীহ গোৱালসকলৰ ওপৰত হোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাক সংবাদমেলযোগে গৰিহণা দিয়ে জোনাই টি এম পি কেৰ তেতৃত্বই ৷ লগতে উক্ত ঘটনাত টি এম পি কে জড়িত নথকাৰ কথা স্পষ্ট কৰি দিয়ে সংগঠনটোৱে ৷

ৰামসিং চাপৰিৰ ঘটনা সন্দৰ্ভত সংবাদমেল টি এম পি কেৰ

জোনাই, 22 অক্টোবৰঃ বিগত 19 অক্টোবৰত ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ সীমান্তত বহ্মপুত্ৰ নদীৰ বুকুৰ চৰ ৰামসিং চাপৰিত নিৰীহ গোৱালসকলৰ ওপৰত যি নৃশংস আক্ৰমণ সংঘটিত হৈছিল সেই ঘটনাত টি এম পি কেৰ সদস্য জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছিল ভূক্তভোগী পৰিয়াল কেইটাই ৷ কিন্তু উক্ত বৰ্বৰ কাণ্ডক জোনাই জিলা টি এম পি কেৰ নেতৃত্বই দুখ প্ৰকাশ কৰাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৷

টি এম পি কেৰ সংবাদমেল

ঘটনা সন্দৰ্ভত সোমবাৰে জোনাই জিলা টি এম পি কে আৰু এম এম কেই জোনাই বালিকা মহাবিদ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে | উক্ত সংবাদমেলত জিলা টি এম পি কেৰ সভাপতি কলীয়া পেগু, সম্পাদক পংকিল পাতিৰ, বিনেশ পাতিৰ, মিগম দলে, এম এম কেৰ সভাপতি মুক্তি পেগু, সম্পাদক দীন পেগু, ৰত্নেশ্বৰ কার্দং, সঞ্জয় কুম্বাং, ইন্দ্ৰ মিৰি আদিয়ে সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ৷ লগতে এই ঘটনাৰ লগত টি এম পি কে জড়িত থকাৰ অপপ্ৰচাৰ হোৱা বুলিও অভিযোগ কৰে সভাপতিগৰাকীয়ে ৷ এই জঘন্য কাণ্ডত জড়িত থকা সকলক কৰায়ত্ব কৰিবলৈ জোনাই জিলা টিএমপিকে তৰফৰ পৰা প্ৰশাসনক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব স্পষ্ট কৰি দিয়ে সংগঠনকেইটাৰ নেতৃত্বই ৷

এই ঘটনাত টি এম পি কেক সাঙুৰি লোৱাটো তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰি মিচিং সংগঠনটোৱে দোষীক উচিত শাস্তি প্ৰদানৰ বাবে আহ্বান জনোৱাৰ লগতে দুয়ো পক্ষক সংযম ৰক্ষা কৰি ভাতৃত্ববোধ ৰক্ষা কৰি চলিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, 19 অক্টোবৰৰ ঘটনাত এজন লোকে প্ৰাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হৈ আছিল ৷

Intro:Body:ৰামসিং চাপৰিৰ ঘটনাক টি এম পি কেৰ গৰিহনা

○জোনাই, ২১ অক্টোবৰ :

ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ সীমান্ত ব্রহ্মপুত্র নদীৰ বুকুত অৱস্থিত চৰ ৰামসিং চাপৰি নামৰ চৰ চাপৰিত যোৱা ১৯ অক্টোবৰত সংঘটিত হোৱা জঘন্য কাণ্ডক জোনাই জিলা টি এম পি কেই দুখ প্ৰকাশ কৰিছে আৰু এনে জঘন্য কাণ্ডক কাঠোৰ ভাষাৰে গৰিহণা দিছে|

ঘটনা সন্দৰ্ভত আজি জোনাই জিলা টি এম পি কে আৰু এম এম কেই জোনাই বালিকা মহাবিদ্যালয়ত এক সংবাদ মেল অনুষ্ঠিত কৰে।জিলা টি এম পি কেৰ সভাপতি কলীয়া পেগু, সম্পাদক পংকিল পাতিৰ, বিনেশ পাতিৰ, মিগম দলে, এম এম কেৰ সভাপতি মুক্তি পেগু, সম্পাদক দীন পেগু, ৰত্নেশ্বৰ কার্দং, সঞ্জয় কুম্বাং, ইন্দ্ৰ মিৰি আদিয়ে তীব্ৰ ভাষাৰে গৰিহনা দিয়ে।

তদুপৰি এই দুষ্কৃতিকাৰ্যত টি এম পি কে জড়িত থকা বুলি প্ৰচাৰ হোৱা কাৰ্যত কোনোবা তৃতীয় পক্ষৰ অভিসন্ধি বুলি অনুমান কৰিছো|এনে জঘন্য কৰ্মত টিএমপিকে কোনো কালে জড়িত নহয় আৰু ভৱিষ্যতেও নাথাকিব | এই জঘন্য কাণ্ডত জড়িত থকা সকলক কৰায়ত্ব কৰিবলৈ জোনাই জিলা টিএমপিকে ফালৰ পৰা প্ৰসাশনক যিকোনো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়োৱা হ'ব স্পষ্ট কৰি দিয়ে। |

দুখিক উচিত শাস্তি প্ৰদান কৰিবলৈ মিচিং সংগঠনটোৱে দাবী জনোৱাৰ লগতে দুয়ো পক্ষক সংযম ৰক্ষা কৰি ভাতৃত্ববোধ ৰক্ষা কৰি চলিবলৈ আহ্বান জনায়|

এই ঘটনাত টি এম পি কেক সাঙুৰি লোৱাটো তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ কৰি টি এম পি কে ফালৰ পৰা গোৱালা বন্ধু সকলক আহ্বান জনাইছে যে তৃতীয় পক্ষৰ সমালোচনাৰ ফলত আমাৰ সাতামপুৰুষীয়া সম্প্ৰতি বিনষ্ট নকৰিব।

কৰবী দলে জোনাই Conclusion:
Last Updated : Oct 22, 2019, 12:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.