ধেমাজি,২২ অক্টোবৰ: শুকুৰবাৰৰ পৰা চিচিমুখ ছোৱালী হাইস্কুলৰ খেলপথাৰত অনুষ্ঠিত হৈছে TMPK, MMK আৰু টি এম এম কে ৰ অধিবেশন(TMPK and MMK and TMMK conference) । এক হাজাৰ প্ৰতিনিধিৰ লগতে ৰাইজৰ উপস্থিতিত উদুলি মুদুলি পৰিৱেশ বিৰাজ কৰিছে চিচিমুখ হাইস্কুলৰ খেলপথাৰ । অধিৱেশনৰ দ্বিতীয় দিনা পুৱা বৃক্ষ ৰোপন কৰাৰ পিছতেই শ্বহীদ তৰ্পন কৰে এম এম কে ৰ বিক্ৰম মিচঙে ৷
শুকুৰবাৰে তিনিওটা সংগঠনৰ সভাপতি সকলে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে অধিৱেশনৰ ৷ পতাকা উত্তোলন কৰে টি এম পি কে ৰ সভাপতি হৰিচন্দ্ৰ কামান(TMPK president Harichandra Kaman), এম এম কে ৰ সভাপতি মুনিন্দ্ৰ দলে(MMK president Munindra Daley) আৰু টি এম এম কে ৰ সভাপতি মোহিনী কুটুমে(TMMK president Mohini Kutum) । ইয়াৰ পিছতেই অনুষ্ঠিত হয় সাংগঠনিক সভা ৷
বিয়লিৰ ভাগলৈ দুখনকৈ জীৱন জীৱিকা বিষয়ক কৰ্মশালা অনুষ্ঠিত কৰা হ'ব ৷ এই অধিৱেশনত মূলতঃ এইবাৰ গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ বাবে তথা সংগঠনৰ কৰ্মীসকলক স্বাৱলম্বনৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ লগতে স্বায়ত্তশাসন ব্যৱস্থাক শক্তিশালী কৰাৰ পোষকতা কৰা বুলি মত ব্যক্ত কৰে টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি গৰাকীয়ে ৷
গ্ৰাম্য অৰ্থনীতি সবল নকৰিলে দেশ তথা ৰাজ্যৰ কোনো পৰিৱৰ্তন নহ'ব বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে(TMPK push to strengthen rural economy) । অসমৰ যুৱক যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলাৰ বিপৰীতে নিজৰ চোতালতে থাকি খেতি কৰি গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰি অসমত কৃষি বিপ্লৱ সূচনা কৰাৰ কথা উল্লেখ কৰে উক্ত অধিৱেশনত । ইয়াৰ উপৰিও সংগঠন কেইটাৰ বিগত সময়ৰ যি সংগ্ৰামৰ দলিল তাক আলোকপাত কৰাৰ চেষ্টা কৰে অধিৱেশনখনিত ।