ETV Bharat / state

Tiwa Bihu celebrations in Assam : ধেমাজিত উদযাপন বিশাগ দমাছি

স্বকীয় ৰীতি-নীতিৰে অসমৰ অন্যান্য ভূমিপুত্ৰসকলৰ দৰে তিৱাসকলেও বুধবাৰৰ পৰা আৰম্ভ কৰিছে ব'হাগ বিহু (Tiwa Bihu celebrations in Dhemaji) ৷ থলুৱা নৃত্য-গীতৰে মুখৰিত হৈ পৰিছে বিহুতলীৰ বাকৰি ৷

tiwa-bihu-celebrations-in-dhemaji
বুধবাৰৰ পৰা আৰম্ভ হ’ল তিৱাসকলৰ ব’হাগ বিহু
author img

By

Published : Apr 21, 2022, 1:20 PM IST

ধেমাজি, 21 এপ্ৰিল : সাত বিহুৰ সামৰণি পৰাৰ লগে লগে আৰম্ভ হৈছে অসমৰ ভূমি পুত্ৰসকলৰ ব’হাগ বিহু ৷ স্বকীয় ৰীতি-নীতিৰে অসমৰ অন্যান্য ভূমিপুত্ৰসকলৰ দৰে তিৱাসকলেও বুধবাৰৰ পৰা আৰম্ভ কৰিছে ব'হাগ বিহু (Tiwa Bihu celebrations in Dhemaji) ৷

tiwa-bihu-celebrations-in-dhemaji
বসন্ত উৎসৱ- বিশাগ দমাছি

সদৌ ধেমাজি জিলা তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৰ আঞ্চলিক সমিতিৰ সহযোগত ধেমাজিৰ সদৰস্থিত নলনিপাম ভৰালীচুকৰ বিহু বাকৰিত তিৱাসকলে পালন কৰিছে জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ (Tiwa Bihu Dance) ৷ জাত জাত বিহু নাম, ঢোল, পেঁপা, গগণাৰ সুৰেৰে চৌদিশ মুখৰিত কৰি তোলে তেওঁলোকে ৷

বসন্ত উৎসৱ- বিশাগ দমাছি

তিৱাসকলৰ স্বকীয় বিহু নামৰ তালে তালে যুৱতীসকলে পৰম্পৰাগত পোচাক কাচং, ফাচকাই, জচকাই, নাৰা আদি পৰিধান কৰি বিভিন্ন ভংগীত বিহু নৃত্য পৰিৱেশন কৰে ৷ এনেদৰে পৰৱৰ্তী এসপ্তাহ ধৰি চলি থাকিব তিৱাসকলৰ পৰম্পৰাগত ব'হাগ বিহু ৷

লগতে পঢ়ক: বিহুতে নাচিবৰ মন : মাজুলীত ঢোলৰ চেঁৱত কঁকাল ঘূৰালে পৰ্যটকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.