ETV Bharat / state

চিয়াং নৈৰ বুকুৰে অবাধে চলিছে কাঠৰ চোৰাং সৰবৰাহ - Jonai Forest Range Division

জোনাইত চিয়াং নদীৰ বুকুৱেদি অব্যাহত আছে কাঠৰ চোৰাং বেহা ৷ সাংবাদিক আৰু জাতীয় সংগঠনৰ যুটীয়া অভিযানত জব্দ নাওসহ কাঠৰ কুন্দা ৷ কাঠৰ চোৰাং বেহাত বন বিভাগৰ লোক জড়িত থকাৰ অভিযোগ ৷

Illegal logging in Jonai
জোনাইত কাঠৰ চোৰাং বেহাৰ বিৰুদ্ধে সাংবাদিক-জাতীয় সংগঠনৰ অভিযান
author img

By

Published : Jul 3, 2022, 6:37 PM IST

জোনাই, 3 জুলাই: জোনাইত বাৰিষাৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে চলাইছে কাঠৰ চোৰাং বেহা ৷ জোনাইৰ পবা সংৰক্ষিত বনাঞ্চলৰ (Poba Reserve Forest) পৰা অবৈধভাৱে গছ কাটি চিয়াঙৰ বুকুৱেদি চোৰাংকৈ সৰবৰাহ কৰাৰ ঘটনা পোহৰলৈ আহে (Illegal logging in Jonai) ৷ এই তথ্য লাভ কৰাৰ পাচতে শনিবাৰে জোনাইৰ কেইজনমান সাংবাদিক আৰু কেইজনমান TMPKৰ (Takam Mising Porin Kebang) কৰ্মীৰ নেতৃত্বত কাঠৰ চোৰাং বেহাৰ বিৰুদ্ধে অভিযান চলায় চিয়াং নৈৰ(Siang River in Jonai) বুকুত ৷

জোনাইত কাঠৰ চোৰাং বেহাৰ বিৰুদ্ধে সাংবাদিক-জাতীয় সংগঠনৰ অভিযান

উক্ত অভিযানৰ সময়ত চিয়াঙৰ বুকুৱেদি চোৰাংকৈ এখন নাৱত নিয়া কাঠৰ কুন্দা অভিযানকাৰী দলটোৱে জব্দ কৰে জোনাই বন বিভাগৰ সহায়ত ৷ নাওখনেৰে বহু মূল্যৱান কাঠৰ খুন্দা কঢ়িয়াই থকা হৈছিল চোৰাংকৈ ৷ ইয়াৰ সমান্তৰালকৈ চিয়াং নদীৰ চৰ-চাপৰি সমূহতো কেইবাটাও কাঠৰ কুন্দা লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে দলটোৱে ৷ বাৰিষাৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে জোনাইৰ পবা বনাঞ্চলৰ পৰা মূল্যবান গছ কাটি এনেদৰে চিয়াং নদীৰে চোৰাংকৈ নি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ অভিযোগ কৰিছে স্থানীয় TMPK কৰ্মীয়ে ৷

এনে চোৰাং কাৰ্যত জোনাই বন বিভাগৰ(Jonai Forest Range Division) অন্তৰ্গত তিনিমাইল বিটৰ একাংশ বন কৰ্মীও জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে TMPK কৰ্মীয়ে । কাঠৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে ৷

লগতে পঢ়ক: এইবাৰ নিজে ট্ৰেক্টৰ চলাই কঠিয়া সিঁচিলে মন্ত্ৰী অতুল বৰাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.