ETV Bharat / state

মূৰ্কংচেলেকত তিহাৰ মহোৎসৱৰ সামৰণি

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 8:55 PM IST

Tihar Mahotsav: মূৰ্কংচেলেকত গোৰ্খা লোকনৃত্য-গীত প্ৰদৰ্শন (Gorkha folk dance performance at Murkongselek)। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক বিনোদ খনালে ভাৰতৰ স্বাধীনতা আন্দোলনত গোৰ্খা সকলৰ অৱদান অনস্বীকাৰ্য বুলি কয় ।

Gorkha folk dance-song  at Murkongselek
মূৰ্কংচেলেকত তিহাৰ মহোৎসৱ
মূৰ্কংচেলেকত তিহাৰ মহোৎসৱ

জোনাই, ১৮ ডিচেম্বৰ: লক্ষী নেপালী বস্তি গোৰ্খা মহিলা সংঘ আৰু প্ৰগতিশীল গোৰ্খা যুৱক সংঘৰ উদ্যোগত ১৬ ডিচেম্বৰৰ পৰা মূৰ্কংচেলেক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা তিহাৰ মহোৎসৱৰ দেওবাৰে নিশা সামৰণি পৰে । কালি পুৱা ৮-১৫ বজাত গছপুলি ৰোপণ কৰে গোৰ্খা মহিলা সমিতিৰ মুখ্য উপদেষ্টা বীণা থাপাই । পুৱা ৯-৫ বজাত যোগ প্ৰদৰ্শন কৰা হয় । দিনৰ ১-০১ বজাৰ পৰা পদুম ৰায়ৰ সভাপতিত্বত আৰম্ভ হোৱা মুকলি সভাখন উদ্ধোধন কৰে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ উপাধ্যক্ষ যুদ্ধবীৰ প্ৰধানে ।

মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে প্ৰতিমা পাণ্ডে বঁটা প্ৰাপক বিনোদ খনালে কয় যে ভাৰতৰ স্বাধীনতা আন্দোলনত গোৰ্খা সকলৰ অৱদান অনস্বীকাৰ্য । তেওঁ অসমৰ জাতীয় জীৱনৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰতো গোৰ্খা সকলে অপৰিসীম ভূমিকা লৈ আহিছে বুলি কয় । এই সভাত বিশিষ্ট অতিথি হিচাপে অংশ লৈ ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰীয়ে কয় যে তিহাৰ গোৰ্খা সকলৰ অন্যতম উৎসৱ । গোৰ্খা সকল অসমৰ লগতে নেপাল, উত্তৰ-পূৰ্বাঞ্চলৰ চিকিম,পশ্চিম বংগ, হিমাচল প্ৰদেশ আদি ভাৰতৰ বিভিন্ন প্ৰদেশত বসবাস কৰি আহিছে । সেয়ে গোৰ্খা সকলৰ তিহাৰ সম্পৰ্কে প্ৰত্যেকেই জানে আৰু ইয়াৰ গুৰুত্ব বুজি পায় বুলি বক্তব্য আগবঢ়াই গোৰ্খা আৰু বড়ো সকলৰ মাজত ঐতিহাসিক সম্বন্ধ আছে বুলি কয় ।

সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি মূৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দীপক দলেই কয় যে গোৰ্খা সকল সাংস্কৃতিকভাৱে অতি চহকী । অনুষ্ঠানটোত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি চমৰাজ পুৰী, আগছুৰ ধেমাজি জিলা সমিতিৰ উপদেষ্টা ৰাজু ছেত্ৰী, সাংগঠনিক সম্পাদক কুমাৰ লিম্বু, মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মূলাকান্ত পেগু আদি উপস্থিত থাকে । সন্ধিয়া ৬-১৫ বজাত সাংস্কৃতিক অনুষ্ঠানৰ উদ্ধোধন কৰে ৰবীণ উপাধ্যায়ে ।

লগতে পঢ়ক:এন পি এছ বাতিলৰ দাবীত গুৱাহাটীত কৰ্মচাৰী পৰিষদৰ বিশাল প্ৰতিবাদী সভা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.