ETV Bharat / state

Tihar Bidai Utsav in Jonai: চিমেন চাপৰিত তিহাৰ বিদায় উৎসৱ

author img

By

Published : Nov 16, 2022, 10:28 AM IST

ধেমাজিত প্ৰথম বাৰ্ষিক তিহাৰ বিদায় উৎসৱ আৰম্ভ । অন্তিম দিনা ছাত্র-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা, দেইচি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব (Deisi Dance Competition)।

Tihar Biday Utsav in Jona
চিমেন চাপৰিত তিহাৰ বিদায় উৎসৱ

ধেমাজি, ১৬ নৱেম্বৰ: সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ চেৰেণ-চিমেন আৰু ডেকাপাম আঞ্চলিক সমিতিৰ উদ্যোগত মঙলবাৰৰ পৰা ডেকাপামৰ বিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক তিহাৰ বিদায় উৎসৱ আৰম্ভ হৈছে (All Assam Gorkha Students Union)। অনুষ্ঠানৰ প্ৰথম দিনা পুৱা ৬ বজাত স্বেচ্ছাসেৱী সকলৰ দ্বাৰা চাফাই অভিযানৰ পাছত ৭ বজাত মুখ্য তোৰণ মুকলি কৰে ধেমাজি জিলা গোৰ্খা ছাত্র সন্থাৰ সদস্য পূণ্য ৰিজালে (Tihar Biday Utsav at Jonai)।

চিমেন চাপৰিত তিহাৰ বিদায় উৎসৱ

আনহাতে,পুৱা ৯ বজাত পতাকা উত্তোলন কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি জয়নাৰায়ণ উপাধ্যায়ে । পুৱা শ্বহীদ তৰ্পণ কৰে অভ্যৰ্থনা সমিতিৰ সম্পাদক দূৰ্গেশ্বৰ নেৱাৰে । ইয়াৰ পিছতেই গছপুলি ৰোপণ কৰে বিবাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বীৰেণ বসুমতাৰীয়ে । উক্ত কাৰ্যসূচীৰ পিছতে মঞ্চ মুকলি কৰে সদৌ অসম গোৰ্খা ছাত্র সন্থাৰ চিমেন-ডেকাপাম আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি অমৃত লিম্বুৱে ।

ইপিনে,পুৱা ১১ বজাত দৈৱকী ছেত্ৰীৰ আৰম্ভণি নৃত্যৰে মঞ্চ উদ্ধোধন কৰা হয় । ইয়াৰ পিছতে তপৰী প্ৰস্তুত কৰা, সংগিনী নৃত্য, ডম্ফু নৃত্য, মাৰুণি নৃত্য, গোৰ্খা লোক নৃত্য,গোৰ্খা লোকগীত, চিয়াব্ৰুং নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । তদুপৰি বিয়লি ৪ বজাত বন্তি প্ৰজ্বলন কৰে জয়নাৰায়ণ উপাধ্যায়য়ে । বিয়লি ৪-৩০ বজাত ভৈলী নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

আনহাতে,বুধবাৰে অন্তিম দিনা ছাত্র-ছাত্ৰী সকলৰ মাজত কুইজ প্ৰতিযোগিতা,দেইচি নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ'ব (Deisi Dance Competition)। দিনৰ ১-৩০ বজাৰ পৰা অনুষ্ঠিত মুকলি সভাখন উদ্ধোধন কৰিব শিক্ষক মদন ৰেগমিয়ে । জয়নাৰায়ণ উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে চিলাপথাৰ ৰেচিডেন্সিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দুণ্ডীৰাজ উপাধ্যায়, ধেমাজি জিলা গোৰ্খা ছাত্র সন্থাৰ সম্পাদক দিলিপ খনাল,মুখ্য অতিথি হিচাপে ধেমাজি জিলা গোৰ্খা ছাত্র সন্থাৰ সভাপতি সৌমৰাজ পুৰী,বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলিপ কুমাৰ গগৈ, জোনাই ভূমি অধিকাৰ সুৰক্ষা সমিতিৰ সভাপতি সুৰেশ সন্দিকৈ, আগছুৰ কেন্দ্ৰীয় সদস্য মোহন বিশ্বকৰ্মা উপস্থিত থাকিব ।

লগতে পঢ়ক:Zubin Garg Birthday: ৫০ বছৰীয়া জন্মদিন উদযাপনৰ বাবে যোৰহাটত জুবিন গাৰ্গ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.