ETV Bharat / state

ধেমাজিত অঘটন : জীয়াঢলৰ সোঁতে উটুৱাই নিলে তিনিজন লোকক

author img

By

Published : Oct 4, 2021, 10:05 PM IST

Updated : Oct 4, 2021, 10:54 PM IST

জীয়াঢলৰ বাঢ়নী পানীৰ সোঁতে সোমবাৰে উটুৱাই লৈ গ'ল তিনিগৰাকীকৈ লোকক ৷ বৰ্তমান জীয়াঢল মুখত এছডিআৰএফৰ এটা দলে সন্ধাহীন লোককেইজনক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

three person goes missing in jiadhal river in assam
জীয়াঢলৰ বাঢ়নী পানীয়ে উটুৱাই নিলে তিনিজন লোকক

ধেমাজি, 4 অক্টোবৰ : যোৱা কালিৰে পৰা হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত পুনৰ ওফন্দি উঠিছে জীয়াঢল নদী ৷ জীয়াঢলৰ বাঢ়নী পানীৰ সোঁতে সোমবাৰে উটুৱাই লৈ গ'ল জীয়াঢল মুখৰ তিনিগৰাকীকৈ লোকক ৷ বৰ্তমান জীয়াঢল মুখত এছডিআৰএফৰ এটা দলে সন্ধাহীন লোককেইজনক উদ্ধাৰ কৰাৰ বাবে অভিযান অব্যাহত ৰাখিছে ৷

জীয়াঢলৰ সোঁতে উটুৱাই নিলে তিনিজন লোকক

জানিব পৰা মতে বাঁহৰ মেলেঙেৰে ৮ গৰাকী লোকে জীয়াঢল মুখৰ পৰা নামি আহিছিল ভৈয়ামলৈ ৷ কিন্তু নদীখনৰ জলস্তৰ হঠাৎ বৃদ্ধি পোৱাৰ ফলত ৩ গৰাকী লোকক উটুৱাই নিয়ে বাঢ়নী পানীৰ প্ৰৱল সোঁতে ৷ আন 5 গৰাকী লোকৰ কথমপি প্ৰাণ ৰক্ষা পৰে বুলি জানিবলৈ দিছে স্থানীয় লোকে ৷

সন্ধানহীন হোৱাৰ ৩ গৰাকী লোক ক্ৰমে, প্ৰদীপ নৰহ, শৈল্যৰাম পায়েং, দীনেশ্বৰ মিলি বুলি জানিব পৰা গৈছে ৷ বাতৰি সংগ্ৰহ কৰা পৰ্যন্ত সন্ধানহীন তিনি গৰাকীৰ লোকৰ সন্ধান উলিয়াব পৰা নাই ৷ ইফালে, তিনিও গৰাকী লোকৰে পৰিয়ালৰ মাজত ইয়াকে লৈ শংকাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : 21 নৱেম্বৰত পৰাগ কুমাৰ দাসৰ সোঁৱৰণত অন্তিমখন তৰ্ক প্ৰতিযোগিতা

Last Updated : Oct 4, 2021, 10:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.