ETV Bharat / state

আকাশী গংগাত মকৰ সংক্ৰান্তিৰ পুণ্য স্নানৰ বাবে ব্যাপক সমাগম

Makar Sankranti : অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাবালিৰ আকাশী গংগাত অগণন লোকৰ সমাগম ৷ বিভিন্ন স্থানৰ পৰা সমবেত হ'ল শ শ লোক ৷

author img

By ETV Bharat Assamese Team

Published : Jan 15, 2024, 8:00 PM IST

Makar Sankranti
আকাশী গংগাত মকৰ সংক্ৰান্তিৰ স্নানৰ বাবে ব্যাপক সমাগম
আকাশী গংগাত অগণন লোকৰ সমাগম

জোনাই, 15 জানুৱাৰী : বিগত বৰ্ষৰ দৰে এইবাৰো অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী লিকাবালিৰ আকাশী গংগাত পুণ্য স্নানৰ বাবে দেখা গ'ল অগণন লোকৰ সমাগম ৷ মকৰ সংক্ৰান্তিৰ দিনটোৰ ব্ৰহ্মপুৱাৰ পৰাই এই স্থানত দেখা গ'ল বিৰ দি বাট নোপোৱা অৱস্থা ৷ অসমৰ বিভিন্ন স্থানৰ পৰা সমবেত হ'ল শ শ লোক ৷

উল্লেখযোগ্য যে চিলাপথাৰৰ পৰা 7 কিলোমিটাৰ আৰু লিকাবালিৰ পৰা 6 কিলোমিটাৰ অকোৱা পকোৱা আলং পথেৰে যাত্ৰা কৰিলেই পোৱা যায় এক ঐতিহাসিক শিৱ মন্দিৰ ৷ এই মন্দিৰৰ পৰা 850 টা নিম্নমুখী খটখটীৰে যাত্ৰা কৰিলেই উপস্থিত হ'ব পাৰি প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰা এক জলপ্ৰপাতত ৷ এই জলপ্ৰপাতকে পবিত্ৰ আকাশী গংগা নামেৰে যুগ যুগ ধৰি ৰাইজে বিশ্বাস কৰি আহিছে ৷ ৰাইজৰ বিশ্বাস যে, দুখন সুউচ্চ পাহাৰৰ ফাঁকেৰে কুলু কুলু ধ্বনিৰে নিৰন্তৰ ভাৱে বৈ থকা এই সুন্দৰ জলধাৰাত স্নান কৰিলে মোচন হয় জীৱন কালত মানুহে কৰা জ্ঞাত-অজ্ঞাত সকলো পাপ ৷

একালত অসমৰ অধীনত থকা আৰু বৰ্তমান অৰুণাচল প্ৰদেশৰ এই জলধাৰা দৰ্শন আৰু স্নানৰ বাবে হেতা-ওপৰা লগোৱা পৰিলক্ষিত হ’ল ৰাইজৰ মাজত ৷ এই অঞ্চলত প্ৰৱেশৰ বাবে আন্তঃৰাজ্যিক পাৰ পত্ৰৰ প্ৰয়োজন যদিও আকাশী গংগা দৰ্শনাৰ্থীৰ বাবে তিনিটা দিনৰ পাৰ পত্ৰ শিথিল কৰিছে প্ৰদেশখনৰ প্ৰশাসনে ৷ অৱশ্যে কোনো আকাশী গংগা পৰিদৰ্শনৰ বাবে অহা ভক্তৰ পৰা লোৱা হোৱা নাই কোনো মাচুল ৷ দৰ্শনাৰ্থী সকলৰ 95 শতাংশই অসমৰ বিভিন্ন স্থানৰ পৰা অহা লোক ৷ অগণন লোকৰ সমাগম হোৱা তথা পৰ্যটনৰ এক আকৰ্ষণীয় স্থল আকাশী গংগাক এক উন্নত স্থানলৈ পৰিণত কৰিবলৈ ভক্ত সকলে দুয়োখন ৰাজ্যৰ চৰকাৰক দাবী জনাইছে ৷

লগতে পঢ়ক : পৰম্পৰা, ৰীতি-নীতিৰে সৰুপথাৰত ভোগালী বিহু উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.