জোনাই, ১৯ ছেপ্টেম্বৰ : ‘‘বিশ্বৰ পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি এক কোটি গছ ৰোপণ কৰাৰ যি সিদ্ধান্ত লৈছে, সেয়া প্ৰশংসনীয় পদক্ষেপ ৷ ধৰাখন সেউজীয়া কৰাৰ এই পদক্ষেপক আমি আদৰণি জনাইছো ৷ কিন্তু প্ৰত্যেক বস্তুৰে এটা নিৰ্দিষ্ট সময় থাকে ৷ কেৱল ৰেকৰ্ড বা কাৰোবাৰ জন্মদিন উদযাপনৰ স্বাৰ্থত আজি আমি লক্ষ লক্ষ গছপুলি মৰি যোৱা আমি দেখিবলৈ পাইছো ৷ এয়া চৰকাৰৰ এক গৰিহণাযোগ্য কাৰ্যহে ৷’’ জোনাইত চৰকাৰে যোগান ধৰা বৃহৎ পৰিমাণৰ গছ পুলি অনাদৰত নষ্ট হোৱাৰ পিচতে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ।
শৰ্মাই আৰু কয়, ‘‘ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালভাৱে ধেমাজি জিলাৰ জোনাইৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানতো দেওবাৰে ৰোপণ কৰা হয় চৰকাৰে যোগান ধৰা গছপুলি । কিন্তু অভিলেখ সৃষ্টিৰ বাবে গছপুলি ৰোপণৰ নামত নষ্ট কৰা হাজাৰ হাজাৰ গছপুলি পৰি ৰ’ল জোনাইৰ কেমি জেলম গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাংগণত । অকল এয়াই নহয়, চৰকাৰে যোগান ধৰা হাজাৰ হাজাৰ গছপুলি ৰোপণৰ পূৰ্বেই শুকাই মৰহি গ’ল বিভিন্ন ঠাইত । কেমি জেলম গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ প্ৰাংগনতো একেই পৰিৱেশ দেখা গ’ল’’ ।
ৰাজ্য চৰকাৰে কেৱল মাথোঁ অভিলেখ সৃষ্টিৰ বাবেই জীয়াই থকা গছপুলি উঠাই আনি শুকুৱাই মৰি পেলোৱা কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই । লগতে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক গছৰ পুলি হত্যা কৰা কাৰ্যৰ লগত জড়িত বুলিও মন্তব্য কৰিছে ৷ কিয়নো গছৰ পুলি ৰোপণ সময় সদায় এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত হয় ৷ ইয়াৰ পাচত গছৰ পুলি ৰুলে মৰি যোৱাটো স্বাভাৱিক ৷
‘‘গছপুলি ৰোপণ কৰি অভিলেখ সৃষ্টি কৰিয়েই চৰকাৰৰ দায়িত্ব শেষ হৈ নাযায় ৷ ইয়াৰ সঠিক প্ৰতিপালন কৰি গছৰ পুলিটো ঠন ধৰি উঠালেকে কাম কৰিব লাগে ৷ তেতিয়াহে ইয়াৰ চৰকাৰৰ শ্ৰম সার্থক হ’ব । অৱশ্যে চৰকাৰৰ লগতে গছপুলি প্ৰতিপালনৰ দায়িত্ব ল’ব লাগিব ৰাইজেও ।’’ সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মাই ৷
লগতে পঢ়ক : Amrit Brikshya Andolan: শিলসাঁকোত GMDA য়ে ৰোপণ কৰে 1000 গছপুলি