ETV Bharat / state

জৰাজীৰ্ণ অৱস্থাত জোনাইৰ চিংগাপুৰৰ একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয়খন

author img

By

Published : Oct 7, 2021, 6:52 PM IST

ৰাজ্য় চৰকাৰ তথা ৰাজ্যৰ শিক্ষা বিভাগে বিভাগটোত ব্যাপক উন্নয়ন হোৱা বুলি সততে দাবী কৰি আহিলেও জোনাইৰ চিংগাপুৰ অঞ্চলৰ একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয়খনৰ অৱস্থাই উদঙাইছে এনেবোৰ চৰকাৰী দাবীৰ সত্যতা ৷ অতি জৰাজীৰ্ণ অৱস্থাত চলি আছে বিদ্যালয়খন ৷

the-only-me-school-in-the-singapore-area-of-jonai-is-in-dilapidated-condition
জৰাজীৰ্ণ অৱস্থাত জোনাইৰ চিংগাপুৰ অঞ্চলৰ একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয়

জোনাই, 7 অক্টোবৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ পৰা প্ৰায় 16 কিলোমিটাৰ দূৰৈত অসম-অৰুণাচল সীমান্তত অৱস্থিত 1 নং চিংগাপুৰ সীমান্তৱৰ্তী মধ্য ইংৰাজী বিদ্যালয় ৷ চৰকাৰী অনুদানৰ অভাৱত বৰ্তমান জৰাজীৰ্ণ অৱস্থা হৈছে বৃহত্তৰ চিংগাপুৰ অঞ্চলস্থিত এই অপ্ৰাদেশীকৃত একমাত্ৰ মধ্য ইংৰাজী বিদ্যালয়খনৰ ৷ লক ডাউনৰ বাবে বৰ্তমান বিদ্যালয় বন্ধ হৈ আছে যদিও অহা 19 অক্টোবৰৰ পৰা শিক্ষা বিভাগে বিদ্যালয় সমূহ খোলাৰ নিৰ্দেশ জাৰি কৰাত বিমোৰত পৰিছে বিদ্যালয়খনৰ শিক্ষক সকল ৷

বিশেষকৈ বিদ্যালয়ৰ বেৰসমূহ বৰ্তমান জহি খহি গৈছে ৷ তাৰোপৰি ওপৰত থকা টকৌপাতৰ চাল জহি-খহি যোৱাত বৰষুণৰ পানীয়ে শ্ৰেণীকোঠা সমূহ বুৰাই পেলাইছে ৷ তদুপৰি বিদ্যালয়ৰ কাৰ্যালয়ত থকা নথি পত্ৰ সমূহ নষ্ট হোৱাৰ উপক্ৰম হৈছে ৷ লগতে বিদ্যালয়ত থকা ডেস্ক-বেঞ্চ ভাঙি চূৰমাৰ হৈছে ৷ বৃহত্তৰ চিংগাপুৰ অঞ্চলৰ প্ৰায় আশীজনতকৈও অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা অপ্ৰাদেশিক বিদ্যালয়খনৰ এনে দুৰাৱস্থাই চিন্তিত কৰিছে অভিভাৱক তথা শিক্ষকসকলক ৷

উল্লেখ্য যে, 2003 চনতে অঞ্চলটোৰ দুখীয়া জনসাধাৰণে গাঠিৰ ধন ভাঙি অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা বিদ্যালয়ত বছৰ বছৰ ধৰি পাঁচ জন শিক্ষক আৰু এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে বিনা বেতনে শিক্ষাদান কৰি আছে ৷

বৰ্তমান শিক্ষাৰ ক্ষেত্ৰত বহু কাম কৰা বুলি বিজেপি চৰকাৰে ঢাক-ঢোল বজালেও 1 নং চিংগাপুৰ সীমান্তৱৰ্ত্তী বিদ্যালয়ৰ দুৰাৱস্থাই যেন উদঙাইছে বিভাগটোৰ উন্নয়নৰ প্ৰকৃত ছবিখন ৷ বিদ্যালয়খনৰ এনে জৰাজীৰ্ণ অৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অধ্যনত বিৰূপ প্ৰভাৱ পৰিছে ৷ সেইয়ে অসম চৰকাৰ তথা শিক্ষা বিভাগক বিদ্যালয়খন পকী কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ ৭৫ গৰাকী যুৱতীক বিয়া পাতি কি কৰিলে বাংলাদেশৰ মুনিৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.