ধেমাজি,24আগষ্টঃ জীয়াঢল নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ভূপেন্দ্ৰ নৰহ নামৰ এজন যুৱকৰ মৃতদেহ আজি উদ্ধাৰ কৰা হয়৷জীয়াঢল নদীৰ জয়ৰামপুৰ অঞ্চলৰ সন্তপুৰ ঘাটত উদ্ধাৰ কৰা হয় যুৱকজনৰ মৃতদেহ ৷ জানিব পৰা মতে, ধেমাজিৰ সদৰ আৰক্ষী থানাৰ অন্তগৰ্ত অসম অৰুণাচল সমীপৱৰ্তী জীয়াঢল মুখত যোৱা ২২ আগষ্টত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দুজনকৈ যুৱক ৷ তাৰপিছতে দেওবাৰে ঘটনাস্থলীৰ পৰা ৪ কিল'মিটাৰ নিলগত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যদিও ভূপেন্দ্ৰ নৰহ নামৰ আনজন যুৱক সন্ধানহীন হৈ আছিল ৷
![The body of a young man is found in the river Jiyadhal](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8539085_456_8539085_1598275088232.png)
ইপিনে, এই শোকাৱহ ঘটনাই সমগ্ৰ জিলাতে শোকৰ ছাঁ পেলোৱাৰ লগতে জীয়াঢলমুখলৈ বনভোজৰ দল, ভ্ৰমণকাৰী দল যোৱাত নিষেধাজ্ঞা আৰোপ কৰিছে ৷
লগতে পঢ়কঃৰাহুলৰ মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা