ETV Bharat / state

অসম-অৰুণাচল সীমান্তৱৰ্তী ধেমাজিৰ চিলনীত উত্তেজনা - Minister Jayanta Malla baruah

অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাজিৰ চিলনীত উত্তেজনা(Tension at Assam Arunachal Border) ৷ সীমাক লৈ একাংশ অসম আৰু অৰুণাচলীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অঞ্চলটোত চৰজমিন তদন্ত কৰি নিকটৱৰ্তী তৰাজানলৈ ৰাওনা হোৱাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷

Tension at Assam Arunachal Border
অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাজিৰ চিলনীত উত্তেজনা
author img

By

Published : Sep 3, 2022, 6:26 PM IST

Updated : Sep 3, 2022, 9:22 PM IST

জোনাই/ধেমাজি, 3 ছেপ্টেম্বৰ: অসম অৰুণাচল সীমান্তৱৰ্তী জয়ৰামপুৰ কেঁচাকাঠনি নামৰ অঞ্চলত শনিবাৰে দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়(Assam-Arunachal border) ৷ সীমান্তৱতী অঞ্চলৰ চিলনীত আজি এখন সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই(Minister Jayanta Malla baruah) ৷ মন্ত্ৰীগৰাকীয়ে অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত বসবাস কৰা ৰাইজৰ মতামত লৈ থকা সময়তে চেঁপা উত্তেজনাই বিৰাজ কৰিছিল উক্ত স্থানত ৷

অসম অৰুণাচল সীমান্তৱৰ্তী ধেমাজিৰ চিলনীত উত্তেজনা

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই প্ৰৱল বৰষুণৰ মাজত অৰুণাচল দুই বিধায়ক আৰু সীমান্তৱৰ্তী জিলাৰ প্ৰশাসনক লগত লৈ ধেমাজিৰ অসম অৰুণাচল সীমান্তৱৰ্তী চিলনী, তৰাজান, গেৰমেৰ আদি অঞ্চল পৰিদৰ্শন কৰে ৷ চিলনীত ৰাইজৰ মতামত লৈ মন্ত্ৰীগৰাকী তৰাজানলৈ যোৱাৰ পিছতে অৰুণাচলৰ একাংশ লোকৰ সৈতে অসমৰ সীমান্তৱৰ্তী একাংশ লোকৰ বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷

ইয়াৰ পাছত অধিক উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ দুই পক্ষৰ মাজত প্ৰচণ্ড খেদাখেদি আৰু মাৰপিট সংঘটিত হয় ৷ পূৰ্বেও জয়ৰামপুৰৰ পানবাৰীত অসম অৰুণাচলৰ সীমান্তৱৰ্তী লোকসকলৰ মাজত সংঘাত হৈ আহিছিল ৷ আজি মন্ত্ৰীৰ পৰিদৰ্শনৰ পিছতে এই সংঘাতে মাৰপিটৰ ৰূপ ল’লে ৷

লগতে পঢ়ক : অংকিতা দত্তলৈ অন্যায়ভাৱে চমন জাৰি কৰাৰ অভিযোগ যুৱ কংগ্ৰেছৰ

Last Updated : Sep 3, 2022, 9:22 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.